শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ভাৰতৰ আকাশত উৰিবনে ৰাফেল যুঁজাৰু বিমান ?

ভাৰতৰ আকাশত উৰিবনে ৰাফেল যুঁজাৰু বিমান ?

✍ জমিৰউদ্দিন তালুকদাৰ

ৰাফেল বিমান ক্ৰয়ত সংঘটিত অনিয়মৰ বিষয়ে যোৱা ৮ ফেব্ৰুৱাৰীত ‘দ্যা হিন্দু’ত প্ৰকাশিত এক বাতৰিয়ে দেশজুৰি তুমুল আলোড়নৰ সৃষ্টি কৰিছে ৷ এন, ৰাম নামৰ দ্যা হিন্দুৰ সাংবাদিক গৰাকীয়ে ৰাফেল বিমান ক্ৰয়ত প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)-ই প্ৰতিৰক্ষা মন্ত্ৰালয়, প্ৰতিৰক্ষা সম্পৰ্কীয় বিশেষ কমিটিক একাষৰীয়া কৰি ফ্ৰান্সৰ সৈতে চুক্তি সম্পাদন কৰা বুলি তথ্যসহ অভিযোগ উত্থাপন কৰিছে ৷ এটা সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাফেল ক্ৰয়ত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰীক কাঠগড়াত তুলিব খুজিছিল ৷ ৰাহুলৰ অভিযোগৰ পিছতে বহুতে ৰাহুলৰ ভাষ্যক লৈ হাঁহিছিল ৷ কিন্তু শেহতীয়াকৈ ‘দ্যা হিন্দু’ৰ বাতৰি আৰু তাৰ পিছত ক্ৰমান্বয়ে এইটোৰ ওপৰত চৰকাৰ পক্ষৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী এছ, সিতাৰমণৰ প্ৰতিক্ৰিয়াই ৰাফেল বিমান ক্ৰয়ত সংঘটিত অনিয়ম বহু পৰিমানে সত্য প্ৰমাণিত কৰিলে ৷ ইপিনে, ৰাহুল গান্ধীয়েও এই বিষয়ত মোদীক আক্ৰমণ কৰি আহিছে ৷ এটা সময়ত চুপ্ৰিম কৰ্টে ৰাফেল সংক্ৰান্তীয় (চুক্তি সম্পৰ্কীয়) বিষয়বোৰ বন্ধ খামত উচ্চতম ন্যায়ালয়ত জমা দিবলৈ কৈছিল ৷ এতিয়া কিন্তু কথাবোৰ গোপন হৈ থকা নাই ৷ সকলো ৰাজহুৱা হ’লেই ৷ মুটামুটি কথা হ’ল, ৰাফেল যুঁজাৰু বিমান ক্ৰয়ত কৰবাত নহয় কৰবাত চৰকাৰে ভুল কৰিছে ৷ সেই ভুলৰ বাবেই কেন্দ্ৰ চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ দ্যা হিন্দুৰ বাতৰিয়ে তেনে অভিযোগ স্পষ্ট কৰিছে ৷
১৯৮০-‘৯০ৰ দশকত ভাৰতৰ ৰাজনীতিত প্ৰৱল ধুমুহাৰ সৃষ্টি কৰা এটা তথাকথিত কেলেংকাৰীৰ নাম আছিল বফৰ্চ কামান ক্ৰয় প্ৰসংগ ৷ ভাৰত আৰু চুইডেনৰ মাজত সম্পাদিত বফৰ্চ কেলেংকাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ভাৰতৰত্ন ৰাজীৱ গান্ধী আৰু কংগ্ৰেছ দলৰ নাম সাঙুৰ খাইছিল ৷ সেই সময়ত নেহৰু-গান্ধী পৰিয়ালক ৰাজনৈতিকভাৱে আক্ৰমণ কৰিবলৈ বিৰোধী ৰাজনৈতিক দলে বফৰ্চক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷ ৰাজীৱ গান্ধীয়ে এক অনাকাংক্ষিত মৃত্যুক সাৱটি ল’লেও কংগ্ৰেছ বিৰোধী দলসমূহে বফৰ্চ প্ৰসংগ আহিলেই তেওঁৰ নামকে সাঙুৰি কংগ্ৰেছ দল বা পূৰ্বৰ কংগ্ৰেছী চৰকাৰসমূহক আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ পৰা সাৰি যোৱা নাই ছোনিয়া গান্ধীও ৷ এনেবোৰ ৰাজনৈতিক আক্ৰমণ ওচৰৰ পৰা দেখিছে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ নেহৰু-গান্ধী পৰিয়ালৰ ওপৰত ৰাজনৈতিক আক্ৰমণৰ বহু ঘটনাৰ সাক্ষী ৰাহুল নিজে ৷ এনে ঘটনাক্ৰমৰ মাজেৰে ৰাহুলে ৰাজনীতিত আহিছে ৷ সময়ৰ গতিত ৰাহুল বহু পৰিমানে পৰিপক্কও হৈছে ৷ বৰ্তমান নেহৰু-গান্ধী পৰিয়ালৰ একমাত্ৰ ৰাজনীতিক জন হৈছে ৰাহুল গান্ধী ৷ সেয়ে ৰাহুলে জানে গান্ধী পৰিয়াল বা নেহৰু পৰিয়ালৰ ওপৰত যিকোনো ৰাজনৈতিক প্ৰত্যাক্ৰমণক নিজে প্ৰত্যুত্তৰ দিব লাগিব ৷ সেই জোখেৰে আজি ৰাহুল পৰিপক্ক বা ৰাজনীতিত সেইখিনি জ্ঞান অৰ্জন কৰিছে ৷
পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনত ২০১২ চনত ফ্ৰান্স চৰকাৰৰ সৈতে এক চুক্তি সম্পাদিত হৈছিল ৷ সেই চুক্তি মতে ভাৰতে ফ্ৰান্সৰ পৰা ১২৬ খন ৰাফেল যুঁজাৰু বিমান আৰু বিমানৰ কাৰিকৰী সঁজুলি ক্ৰয় কৰিব ৷ তাৰ বাবে দুয়োখন দেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় ৷ ১২ ডিচেম্বৰ ২০১২ চনত ভাৰত-ফ্ৰান্স ৰাফেল চুক্তি অনুসৰি একোখন ৰাফেল বিমানৰ মূল্য ৫২৬·১০ কোটি টকা ধাৰ্য কৰা হয় ৷ ২০১৪ চনত ভাৰতত ৰাজনৈতিক পট-পৰিৱৰ্তন ঘটি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ আহিল ৷ লগে লগে দুয়োখন দেশৰ মাজৰ পূৰ্বৰ চুক্তিত কিছু সাল-সলনি হ’ল ৷ পূৰ্বৰ ইউপিএ চৰকাৰৰ চুক্তিত কিছু পৰিৱৰ্তন ঘটাই নৰেন্দ্ৰ মোদীৰ চৰকাৰে ১২৬ খন ৰাফেল বিমানৰ সলনি ক্ৰয় কৰিব মাত্ৰ ৩৬ খন বিমান ৷ একোখন বিমানৰ মূল্য ১৬১১·১১ কোটি টকা ৷ ইউপিএ চৰকাৰৰ চুক্তি বাতিল কৰি মোদীয়ে পুনৰ চুক্তি কৰাত কংগ্ৰেছ দলে ইয়াৰ আঁৰত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰিছে ৷ কংগ্ৰেছ দলৰ মতে, ৰাফেল বিমান ক্ৰয় হ’ল মোদী চৰকাৰৰ দিনত সংঘটিত আটাইতকৈ ডাঙৰ আৰ্থিক কেলেংকাৰী ৷ কংগ্ৰেছৰ মুখপাত্ৰ ৰনদীপ সুৰজেৱালাৰ মতে, ৰাফেল বিমান ক্ৰয় হৈছে Mother of All Scam. (সকলো দুৰ্নীতিৰ মা) ৷ ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশ, ৰাজস্তান, ছত্তিশগড়ৰ প্ৰায় কেইখন নিৰ্বাচনী সভাত ৰাফেল বিমান ক্ৰয় প্ৰসংগ উত্থাপন কৰি মোদীক আক্ৰমণ কৰিছিল ৷ বৰ্তমানেও অব্যাহত আছে ৰাহুলৰ এই ৰাজনৈতিক আক্ৰমণ ৷

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ৰাফেল বিমান ক্ৰয়ত সংঘটিত অনিয়মৰ বিষয়টো কংগ্ৰেছ দলে ইমান সহজতে এৰি নিদিয়ে ৷ দলটো বা দলৰ সভাপতি ৰাহুল গান্ধীৰ স্থিতিত সেয়া ইতিমধ্যে স্পষ্ট হৈছে ৷ ৰাফেলৰ বিষয়টো লৈয়েই কংগ্ৰেছে মোদী চৰকাৰক ঘেৰাও কৰিব; সেয়া স্পষ্ট ৷ কাৰণ, ইতিমধ্যে কংগ্ৰেছ দলে দেশৰ প্ৰতিখন ৰাজ্যতে এই বিষয়ে সংবাদ মেল, প্ৰতিবাদী সমদল কৰি নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ দ্যা হিন্দুৰ খবৰটো প্ৰকাশ পোৱাৰ পিছতেই ৰাহুল গান্ধীৰ লগতে দলৰ কেন্দ্ৰীয় মুখপাত্ৰ ৰনদীপ সুৰজেৱালাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ ৰাফেল বিমান ক্ৰয় প্ৰসংগক লৈ ৰাহুল গান্ধীৰ স্থিতিয়ে স্পষ্ট কৰিছে যে এই বিষয়টো কংগ্ৰেছ দলে ইমান সোনকালে এৰি নিদিয়ে ৷ তাৰো কাৰণ আছে ৷ কাৰণটো হ’ল, ৰাহুলৰ প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীক বফৰ্চ কামান কেলেংকাৰীত সাঙুৰি গান্ধী-নেহৰু পৰিয়ালৰ ওপৰত ৰাজনৈতিক আক্ৰমণ চলিছিল ৷ এই আক্ৰমণক সন্মুখৰ পৰা নেতৃত্ব দিছিল বিজেপি দলে ৷ সেয়ে এই মুহূৰ্তত কংগ্ৰেছ দলে বিজেপিক প্ৰত্যুত্তৰ দিবলৈ ৰাফেলকেই ব্যৱহাৰ কৰিব ৷ ৰাজনৈতিক ভাষ্যকাৰসকলৰ মতে, কংগ্ৰেছে বফৰ্চ কামানক প্ৰত্যুত্তৰ দিব ৰাফেল যুঁজাৰু বিমানেৰে ৷ সি যিয়েই নহওক, দেশৰ আকাশত ৰাফেল উৰক বা নুৰক, ৰাফেল সংক্ৰান্তীয় কাগজ উৰিছে ভাৰতৰ আকাশত ৷