শেহতীয়া খবৰ
Home / আঞ্চলিক / মানাহ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা

মানাহ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা

নজৰুল আলী আহমেদ, গোৱৰ্ধনাঃ আজি বাক্সা জিলাৰ অন্তৰ্গত মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম ভ্ৰমণ কৰিবলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্থ কৰে। জাতি-মাটি-ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমত অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ অহৰহ চেষ্টা অব্যাহত থকাত গোটেই অসমত আন্দোলত চলি আছে। কালি বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক আছুৱে কলা পতাকা দেখোওৱাই প্ৰতিবাদ কৰে। আজি জনসভা কৰাৰ প্ৰতিবাদত মানাহ আঞ্চলিক ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল ডেকাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে কোনো পধ্যেই অসমত অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে। যদিহে অসমত বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ চেষ্টা কৰে তেন্তে অসমত আকৌ শৰাইঘাটৰ যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হলে তাৰ বাবে কিন্তু অসমৰ হিন্দু বাংলাদেশী প্ৰেমী বিজেপি চৰকাৰেই দায়ী হ’ব।