শেহতীয়া খবৰ
Home / আঞ্চলিক / কাইলৈ পদ্মশ্ৰী ডঃ ইলিয়াছ আলীক ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছোচাইটিৰ ৰাজহুৱা সম্বৰ্ধনা

কাইলৈ পদ্মশ্ৰী ডঃ ইলিয়াছ আলীক ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছোচাইটিৰ ৰাজহুৱা সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী বঁটা’ লাভ কৰা বিশিষ্ট শল্য চিকিৎসক ডাঃ ইলিয়াছ আলীক বিশেষ ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ ওলাইছে অন্যতম স্বেচ্ছাসেৱা সংগঠন ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছোচাইটিয়ে৷ জন্ম নিয়ন্ত্ৰণ, নাৰী শিক্ষাকে আদিকৰি আন আন সমাজ সংস্কাৰক বিভিন্ন কাম কাজত অৰিহনা আগবঢ়োৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক তথা বিশিষ্ট চিকিৎসক আলীক এইবেলি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানীত কৰিছিল৷ কাইলৈ দিনৰ দুই বজাত দিছপুৰ প্ৰেছ ক্লাৱত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাজহুৱা ভাবে বিশেষ সন্মানেৰে সন্মানীত কৰা হ’ব বুলি এক প্ৰেছ বিবৃতি যোগে জনায় ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছোচাইটিৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে৷