শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱৰ ৰাখালডুবিত কোকৰাঝাৰলৈ যোৱা অৱস্থাত বিপিএফ কৰ্মীৰ বলেৰ’ দুৰ্ঘটনাগ্ৰস্তঃ নিহত ২ আহত ১

বঙাইগাঁৱৰ ৰাখালডুবিত কোকৰাঝাৰলৈ যোৱা অৱস্থাত বিপিএফ কৰ্মীৰ বলেৰ’ দুৰ্ঘটনাগ্ৰস্তঃ নিহত ২ আহত ১

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিৰ নিকটৱৰ্তী ডাউকীঝাৰৰ ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ আনহাতে আহত হয় আন ছয়জনকৈ লোক৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে কোকৰাঝাৰত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয় অধিৱেশনত যোগদান কৰিবলৈ বুলি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাত বিপিএফ কৰ্মীৰ এ এছ ২৮-৬৩২৮ নম্বৰৰ বগা ৰঙৰ বলেৰ’ বাহনখন আই নৈৰ দলং পাৰ কৰি অহাৰ পিচত ডাউকীঝাৰত ৰাষ্ট্ৰীয় ঘাই পথৰ সোঁফালে ৰখাই থোৱা ডব্লিউ বি ৩৯- ৭৯৮১ নম্বৰৰ গেছৰ ছিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকখনক পিছ ফালৰ পৰা তীব্ৰ জোৰে খুন্দা মাৰে৷ ফলত বলেৰ’খনত থকা আমিৰ আলি (৪০) ৰ থিতাতে মৃত্যু হয়৷ ইপিনে পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে বঙাইগাঁও যান-বাহন আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে বাকী সাতজনকৈ আহতক বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ল’ৱাৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
অৱশ্যে ইয়াৰে ভিতৰত অতি সংকটজনক অৱস্থাত থকা ৰন্টু কলিতা (২৭) ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ মৃত ৰন্টু কলিতা বলেৰখনৰ চালক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ দুৰ্ঘটনাটোত সতীশ ৰঞ্জন ছেত্ৰী (৪২), হেমন্ত ভৰালী(৪২), দেবেন্দ্ৰ বসুমতাৰী (৪৫), উত্তম দাস(৬৫),অনিল বসুমতাৰী(৪০) আৰু মুস্তাফা আলি (৪১) আহত হয়৷ নিহত লোক দুজনৰ মৃতদেহ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত আৰক্ষীয়ে পৰিয়ালৰ লোকক গটাই দিয়ে৷ দুৰ্ঘটনাটোত বলেৰ’খন সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে৷ আৰক্ষীয়ে বিধ্বস্ত বলেৰ’খন উদ্ধাৰ কৰি থানালৈ অনাৰ লগতে ছিলিণ্ডাৰৰ ট্ৰাকখন জব্দ কৰে৷ ট্ৰাকখনৰ চালক পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ বলেৰ’খনত চালকসহ আঠজন যাত্ৰী আছিল৷ দুৰ্ঘটনাটো পুৱা ৯- ৪০ বজাত সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷