শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাৰোডত এনআৰচিৰ দাবী-আপত্তি শুনানীৰ প্ৰশিক্ষণ সম্পন্ন

বৰপেটাৰোডত এনআৰচিৰ দাবী-আপত্তি শুনানীৰ প্ৰশিক্ষণ সম্পন্ন

সাজাহান আলী আহমেদ, বৰপেটাৰোডঃ আজি বৰপেটাৰোডস্থিত গ্ল’বেল ইনষ্টিটিউটত পুৱা ১১ বজাৰ পৰা এনআৰচিৰ এখন দাবী-আপত্তিৰ শুনানীৰ বাবে প্ৰায় ৪০ গৰাকী স্বেচ্চাসেৱকক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হয়। ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’ব লগা শুনানীৰ জৰিয়তে দাবী দাখিল কৰা লোকৰ দাবী বা আপত্তিৰ নিষ্পত্তি অনুষ্ঠিত হ’ব। ইতিমধ্যে শুনানীৰ বাবে জাননী সমূহ ৰাইজে লাভ কৰি আছে। সৰ্বসাধাৰণ ৰাইজে ইয়াৰে বহু বিষয় জ্ঞাত নহ’ব পাৰে। দাবী-আপত্তি দাখিল প্ৰক্ৰিয়াত ৰাইজে সেচ্ছাসেৱকৰ কাষ চাপিছিল৷ এতিয়া ওলোটা দেখা গৈ আছে। গতিকে বহু সমস্যাৰ সমাধানসূত্ৰ বিচাৰি নাপাব। সেয়েহে এই বিষয়বোৰ বিস্তাৰিত ভাবে আলোচনা কৰি ৰাইজক সজাগ কৰাৰ কামত মনোনিবেশ কৰিবৰ বাবে আজিৰ শিবিৰত আলোচনা কৰা হয়।
মিছাল নামৰ বেচৰকাৰী সংস্থা আৰু এ পি আই চি আৰৰ যৌথ উদ্যোগত অনুষ্ঠিত শিবিৰত অধিবক্তা জাহিৰ আব্বাছ, এক্টিভিষ্ট আব্দুল কালাম আজাদ আৰু সাজাহান আলী আহমেদে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে। শুনানীৰ সময়ত সকলোবোৰ নথি যেনে- মূল আবেদন প্ৰ-পত্ৰ আৰু তাৰ লগত প্ৰদান কৰা সকলো নথি-পত্ৰ, বংশবৃক্ষ, দাবী প্ৰ-পত্ৰ আৰু এনআৰচি সম্পৰ্কীয় সকলো নথি-পত্ৰ লৈ হাজিৰ হ’ব লাগিব৷ তাৰ বাবে সকলোকে এই বিষয়বোৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আহ্বান জনায়। অনাগত সময়ত সমগ্ৰ অসমত এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আৰু ৰাইজক সহায় কৰাৰ বাবে আহ্বান জনোৱাৰ লগত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে আয়োজকসকলে।