শেহতীয়া খবৰ
Home / আঞ্চলিক / তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনাঃ আহত তিনি যুৱক

তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনাঃ আহত তিনি যুৱক

ডিজিটেল সংবাদ,তামুলপুৰঃ সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটাত ১২৭ নং (ডি) ৰঙিয়া-তামুলপুৰ-ভূটান আন্তৰাষ্ট্ৰীয় সীমা সংযোগী পথত আজি দুপৰীয়া সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত তিনিজন যুৱক গুৰুতৰ ভাবে আহত হয়। ঘটনাৰ বিবৰণি মতে আজি দুপৰীয়া গুৱাহাটীৰ বশিষ্টৰ পৰা ছয় গৰাকী যুৱক তামুলপুৰলৈ ফুৰিব আহোতে বৰখাটাত এছ ০১ ডি আৰ ১৬০৯ নম্বৰত অহা দুজন যুকৰ বাইকৰ আগত এটা কুকুৰ পৰাত তেওঁলোকে নিয়ন্ত্ৰণ হেৰাই পথ ওপৰত উলটি পৰে। সেই সময়ে তামুলপুৰৰ চকামাৰীৰৰ মহানন্দ কলিতাৰ পুত্ৰ ধীৰাজ কলিতাই (২০) এছ ২৫ জে ৮২৬৬ নম্বৰৰ গাড়ীখনৰে ৰঙিয়ালৈ গৈ থকাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে পৰি থকা যুৱক দুজনক খুন্দা মাৰাৰ ফলত তেওঁ গুৰুত্বৰ ভাৱে আহত হয়। লগে লগে স্থানীয় লোকে আহত যুৱক তিনিও জন যুৱকক উদ্ধাৰ কৰি তামুলপুৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। দূৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত ধীৰাজ কলিতাক উন্নত চিকিত্সাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ লৈ প্ৰেৰণ কৰে। ঘটনাৰ খবৰ পাই তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় আৰু বাইক দুখন উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ যায়। আহত আন দুজন যুৱক ক্ৰমে গুৱাহাটী বশিষ্টৰ অৰ্ণৱ বসুমতাৰী (২০) আৰু মহন শইকীয়া (২০) বুলি জানিব পৰা গৈছে।