শেহতীয়া খবৰ
Home / আঞ্চলিক / পদ্মশ্রী সম্মানেৰে বিভূষিত ডাঃ ইলিয়াছ আলীক সম্বর্ধনা ব্ৰহ্মপুত্র ভেলি চিভিল ছ’চাইটিৰ

পদ্মশ্রী সম্মানেৰে বিভূষিত ডাঃ ইলিয়াছ আলীক সম্বর্ধনা ব্ৰহ্মপুত্র ভেলি চিভিল ছ’চাইটিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰি পদ্মশ্রী সম্মানেৰে বিভূষিত হােৱা ডাঃ ইলিয়াছ আলী আহমেদক আজি ব্রহ্মপুত্র ভেলি চিভিল ছ’চাইটিয়ে সম্বর্ধনা জ্ঞাপন কৰে। দিছপুৰ প্ৰেছ ক্লাৱত আয়ােজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ডাঃ ইলিয়াছ আলীক মানপত্ৰ শৰাই-জাপিৰে সম্বর্ধনা জ্ঞাপন কৰা হয়। ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটিৰ সভাপতি ড° আতােৱাৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানত প্রাক্তন আৰক্ষী বিষয়া আব্দুল কদ্দুছে ভাষণ প্রসংগত ডাঃ ইলিয়াছ আলীৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰা উল্লেখযােগ্য ভূমিকাক ভূয়সী প্রশংসা কৰে। একেদৰে জন্ম নিয়ন্ত্ৰণৰ উপৰিয়াে অসমৰ দৰিদ্ৰ পিছপৰা শ্ৰেণীৰ মাজত শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্রদান কৰিবলৈয়াে প্রাক্তন আৰক্ষী বিষয়া গৰাকীয়ে আহ্বান জনায়।

আনহাতে উক্ত সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি আৰক্ষী বিষয়া আবু চুফিয়ানে পিছপৰা, অর্থনৈতিক ভাবে অনগ্রসৰ মুছলমান সমাজৰ মাজত জন্ম নিয়ন্ত্ৰণৰ উপৰিয়াে বাল্য বিবাহ, যুৱ উশৃংখলতা, শিক্ষাৰ প্ৰসাৰ আদিৰ সন্দৰ্ভতাে বক্তব্য আগবঢ়ায়। সম্বােৰ্ধনা সভাত প্রাক্তন উপায়ুক্ত মাহতাব উদ্দিন আহমেদে ডাঃ ইলিয়াছ আলীৰ দক্ষতা, নিয়মানুৱর্তিতা আৰু জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ নিৰবিচ্ছিন্ন ভূমিকাৰ বিষয়ে বিষদভাৱে আলােকপাত কৰে। অনাগত দিনত চৰাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ মাজত জন্ম নিয়ন্ত্ৰণৰ সংগ্ৰামখন আগুৱাই লৈ যােৱাৰ বাবে ডাঃ আলীক আহ্বান জনায়। একেদৰে অসমীয়া জাতিৰ ভৱিষ্যত সমৃদ্ধিৰ বাবে ডাঃ আলীক কাম কৰাৰ বাবেও আহ্বান জনায়।

উক্ত অনুষ্ঠানত চৈয়দ মকিবুৰ ৰহমানে ডাঃ আলীৰ পদক্ষেপক প্রশংসা কৰে। উল্লেখ্য যে আজি ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটিৰ উপসভাপতি তথা দৈনিক গণ অধিকাৰৰ কাকতৰ সম্পাদক ড° জাকিৰ হুছেইনে ডাঃ ইলিয়াছ আলীক মানপত্ৰৰে সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে সংগঠনটোৰ জ্যেষ্ঠ উপসভাপতি এ এইছ খণ্ডকাৰ, সম্পাদক মাজেদুৰ ৰহমান, আব্দুল আলিম, আশ্রাফুল হুছেইনে জাপি, চেলেং আৰু ফুলেৰে সম্বর্ধনা জ্ঞাপন কৰে। আনহাতে উক্ত অনুষ্ঠানতে গুৱাহাটীৰ সদৰ কাজী ফখৰুদ্দিন আহমেদ কাছিমিয়ে ডাঃ আলীক কাজী সন্থাৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰে। একেদৰে কাছিমিয়ে শেহতীয়াকৈ বাল্য বিবাহ, জনসংখ্যা বিস্ফোৰণৰ ভয়াৱহতাৰ ওপৰত আলােকপাত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক আব্দুল মান্নানে ডাঃ আলীক সম্বর্ধনা জ্ঞাপন কৰি কয় যে মুছলমান সমাজৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ সংগ্রাম চলাই নিবলৈ যাওতে তেওঁ ইছলাম, কোৰাণ, হাদিজ আদিৰ প্রসংগ উল্লেখেৰে অশিক্ষিত আৰু পিছপৰা মুছলমান সমাজৰ মাজত সচেতনতা গঢ়ি তােলাৰ আহ্বান জনায়। কটন মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড° পইনুদ্দিন আহমেদে ডাঃ আলীৰ পদক্ষেপক ভূয়সী প্রশংসী কৰে।

ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটিৰ ফালৰ পৰা সম্বর্ধনা গ্রহণ কৰি ডাঃ ইলিয়াছ আলীয়ে ভাষণ প্রসংগত পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ কৰ্মজীৱনিৰ ওপৰত বিষদভাৱে আলােকপাত কৰে। জনসংখ্যা বিস্ফোৰণে সমাজত সৃষ্টি কৰিব পৰা ভয়াৱহতাৰ ওপৰতাে গুৰুত্ব প্রদান কৰে আলীয়ে। ব্রহ্মপুত্র ভেলি চিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সম্বর্ধনা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় কার্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰে। আজিৰ সম্বর্ধনা অনুষ্ঠানত আন কেবাজনাে বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্রদান কৰে।