শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / জনসংখ্যা বিস্ফোৰণ আৰু ডাঃ ইলিয়াছ আলী

জনসংখ্যা বিস্ফোৰণ আৰু ডাঃ ইলিয়াছ আলী

পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা আজিৰ দিনত জনসংখ্যা বিস্ফোৰণ। আজিৰ তাৰিখত পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৭৭০ কোটি । ইয়াৰে ১৩০ কোটি অকল ভাৰতবৰ্ষৰে । মালথাছৰ জনসংখ্যা তত্ত্ব মতে জনসংখ্যা বৃদ্ধি হয় জ্যামিত্ৰিক প্ৰগ্ৰেছন (১-২-৪-৮-১৮) মতে, তাৰ বিপৰীতে খাদ্যবস্তুৰ উৎপাদন হয় এৰিথমেথিক প্ৰগ্ৰেচন(১-২-৩-৪-৫-) মতে। এই দুটা বৃদ্ধিৰ যেতিয়া ভাৰসাম্য বিনষ্ট হয়, তেতিয়া প্ৰকৃতিয়ে পজিটিভ চেক যেনে দুৰ্ভিক্ষ, মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ-বিগ্ৰহৰ জৰিয়তে জনসংখ্যা কমাই এই ভাৰসাম্য ৰক্ষা কৰাবলৈ চেষ্টা কৰে। কিন্তু বৈজ্ঞানিক প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মালথাছৰ এই সূত্ৰ যেন অকামিলা হৈ পৰিছে। বিজ্ঞানৰ যিমানেই জয়জয়কাৰ নহওক কিয় বৰ্ধিত জনসংখ্যা আৰু উন্নত জীৱনধাৰণৰ বাবে প্ৰকৃতিয়ে সৃষ্টি কৰা অন্যান্য জীৱ-জন্তু, চৰাইচিৰিকতি, গছ-গছনি,পাহাৰ পৰ্বত, নদ-নদীৰ ওপৰত বুধিয়ক আৰু জ্ঞানী বুলি ফিতাহি মৰা মানুহবোৰে অহৰ্নিশে কুঠাৰাঘাত কৰিয়ে আছে কেৱল স্বাৰ্থপৰতাৰ বাবে। অতিমাত্ৰা জনবিস্ফোৰণ, নগৰীকৰণ, যোগাযোগৰ উন্নতিৰ উদ্দেশ্যে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলগীয়া হৈছে। একাংশ মোল্লা-মৌলবী আৰু অৰ্ধশিক্ষিত ধৰ্মৰ ঠিকাদাৰসকলে কোৰান-হাদিছৰ অপব্যাখ্যাৰে কয় যে আল্লাই কেৱল মানুহৰ বাবেই দুইলাখ চৌব্বিশ হাজাৰ মুখলুকাত সৃষ্টি কৰিছে।

ই সম্পূৰ্ণ ভুল। এই ভুল প্ৰচাৰৰ বাবেই মানুহে বিনাদ্বিধাই জীৱ-জন্তু, গছ-গছনি, পাহাৰ, নদনদী আৰু অন্যান্য পোক-পতংগৰ নিধনযজ্ঞ চলাই নিজৰ উন্নত জীৱন-যাপনৰ চিন্তা-চৰ্চাত মগ্ন হৈ ভাৰসাম্যহীন পৰিৱেশ সৃষ্টিত মনোনিৱেশ কৰি পৃথিৱীৰ মৃত্যু ওচৰ চপাই আনি আছে। এই চিন্তনীয় কথাটো যে কেৱল পৰিৱেশ সংৰক্ষণৰ শ্ল’গানেৰে মোকাবিলা কৰিব নোৱাৰি সেই কথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। ইয়াৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নকৰিলে ২০৫০ চনত পৃথিৱীৰ জনসংখ্যাই হয়তো হাজাৰকোটিৰ ঘৰ চুবগৈ আৰু পৃথিৱী ধ্বংস হ’ব। এই ভয়াৱহ জনবিস্ফোৰণৰ কথা ভাবিয়ে ইণ্ডোনেছিয়া, ইৰান, বাংলাদেশ আদি ৰাষ্ট্ৰই আমাৰ দেশতকৈ আগতেই জন্মনিয়ন্ত্ৰণত গুৰুত্ব দিছে। ৮৭ শতাংশ মুছলমানৰ দেশ ইণ্ডোনেছিয়াই যদি জন্মনিয়ন্ত্ৰণত গুৰুত্ব দি সফল হ’ব পাৰে, আমাৰ দেশে কিয় নোৱাৰিব। এই কথা চিন্তা কৰি চীনত আৱিষ্কৃত পুৰুষ বন্ধ্যাকৰণৰ ওপৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্যচিকিৎসা বিভাগৰ অধ্যাপক ডাঃ ইলিয়াছ আলীয়ে প্ৰথমতে নিজাববীয়াকৈ প্ৰশিক্ষণ লৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উল্লিখিত পদ্ধতিৰ প্ৰয়োগেৰে এক প্ৰচেষ্টাৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত নানা বিঘিনি, ভাবুকিৰ সন্মুখীন হয় যদিও তেখেতে এই কাম নেৰিলে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত পুৰুষ বন্ধ্যাকৰণৰ এই পদ্ধতি প্ৰয়োগৰ বাবে এই শতিকাৰ প্ৰথমৰ পৰাই জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰে শিক্ষা-দীক্ষা আৰু সামাজিক ভাৱে পিছপৰা চৰাঞ্চল, চাহ বাগিচা আৰু জনজাতি অধ্যুষিত অঞ্চলত। বিভিন্ন বাধা-বিঘিনিৰ মুখামুখি হ’বলৈ তেখেতে কোৰান-হাদিছ আৰু অন্যান্য ধৰ্মগ্ৰন্থ অধ্যয়ন কৰিবলৈ লয় আৰু জনসাধাৰণৰ মাজত জন্মনিয়ন্ত্ৰণ ওপৰত থকা ভুল ধাৰণা আঁতৰাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই থাকে । এই প্ৰচেষ্টাত বহুতো সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সমাজহিতৈষী লোকে সহায়ৰ হাত আগবঢ়ায়।

২০০৮ চনৰ পৰা অসম চৰকাৰেও তেখেতক সহায় কৰিবলৈ লয়। এক দীঘলীয়া প্ৰচেষ্টাক তেখেতে এক আন্দোলনৰ ৰূপ দিবলৈ সক্ষম হয় আৰু অসমৰ পিছপৰা অঞ্চলবিলাকত পুৰুষ বন্ধ্যাকৰণত বহুপৰিমাণে সফল হয় । এই সফলতাৰ ফল লাহে লাহে অসমৰ স্বাস্থ্যবিভাগৰ জৰীপত দেখা দিবলৈ লোৱাটো আশাৰ বতৰা। তেখেতে স্কেলপেল ভেছেক্টমী পদ্ধতিৰ বিষয়ে কেৱল জনসাধাৰণৰ মাজতে প্ৰচাৰ আৰু কাৰ্যকৰীকৰণ কৰিয়ে ক্ষান্ত থকা নাই নিজেও চীন আৰু কে’বাখনো দেশত উন্নত প্ৰশিক্ষণ লৈ আহি অসমৰ প্ৰায় ৰচ্ঙ্ম জন চিকিৎসকক প্ৰশিক্ষণ দি সক্ষম কৰি তুলিছে। তদুপৰি ভাৰতৰ বিভিন্ন ঠাই আৰু পৃথিৱীৰ কে’বাখনো দেশত এই বিষয়ে সমল ব্যক্তি হিচাপে বক্তৃতা দিছে, চিকিৎসকক প্ৰশিক্ষণ দিছে । এনে এক প্ৰত্যাহ্বানমূলক আন্দোলন প্ৰায় এককভাৱে চলাই বহু পৰিমাণে সফলকাম হোৱাত উদ্ভাৱক ডঃ উদ্ধৱ ভৰালীৰ সৈতে এইবছৰ ভাৰত চৰকাৰে ডাঃ ইলিয়াছ আলীক ভাৰতবৰ্ষৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰিছে। এই স্বীকৃতি তেখেতৰ প্ৰাপ্য। এই স্বীকৃতিৰ বাবে অসমবাসীৰ সৈতে আমিও গৌৰৱ অনুভৱ কৰিছো। তেখেতক আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেত এই গুৰুত্বপূৰ্ণ আন্দোলনৰ সেনাপতি হৈ আগুৱাই নিয়ক, আমি সকলোৱে সামৰ্থ অনুসাৰে সহায় কৰি যাম। তেখেতৰ এই স্বীকৃতিৰ বাবে বিভিন্ন ব্যক্তি-সংগঠনে ৰাজহুৱা সম্ভৰ্ধনা জনাই আছে । আজি বিয়লি দিছপুৰ প্ৰেছ ক্লাবৰ সভাগৃহত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আতোৱাৰ ৰহমানৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত চমু বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ, ডি আই জি আবু চুফিয়ান, অধ্যাপক আব্দুল মান্নান, অসৱৰপ্ৰাপ্ত জ্যেষ্ঠ আই এ এছ বিষয়া মেহতাব উদ্দিন, অধ্যাপক আবু নাছাৰ চৈয়দ আহমেদ, অধ্যাপক পইনুৰুদ্দিন আহমেদ, এছ এম ৰহমান আদি বিশিষ্ট ব্যক্তিসকলে। পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী চাহাবে এই বিৰল আন্দোলনৰ চমু পৰিক্ৰমা তেখেতৰ বক্তব্যৰ মাজেৰে প্ৰকাশ কৰে আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কৰ্মকৰ্তাসকলৰ শলাগ লয়। অনাগত দিনত এই আন্দোলনটোক অধিক গতি প্ৰদান কৰিবলৈ তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰে। শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সম্বৰ্ধনা সভাত উপস্থিত থাকি দুআষাৰ মনৰ ভাব ব্যক্ত কৰাৰ সুবিধা পাই আমিও কৃতাৰ্থ হওঁ।