শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নতুন দলেৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব হিন্দু্ত্ববাদী নেতা প্ৰবিন ভাই টোগৰিয়াই

নতুন দলেৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব হিন্দু্ত্ববাদী নেতা প্ৰবিন ভাই টোগৰিয়াই

ডিজিটেল সংবাদঃ বিশ্ব হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবিন ভাই টোগৰিয়াই লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। বিগত সময়ত বিজেপিক সহায় কৰি মোদীক শাসনৰ গাদীত অনা অন্যতম নেতা প্ৰবিন টোগৰিয়াই নিজ দলৰে সৈতে আগন্তুক সময়ত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ভ বুলি ঘোষণা কৰে। দিল্লীৰ ইন্দ্ৰিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে কয় যে দেশক উন্নয়নৰ হকে বিকল্প ৰাজনৈতক দলৰ প্ৰয়োজন আহি পৰিছে। সেয়েহে নেতাগৰাকীয়ে এটি নতুন ৰাজনৈতিক দলৰ প্ৰৱেশ ঘটোৱাৰ কথা চিন্তা কৰি দেশৰ জনসাধাৰণৰ হকে এক ৰাজনৈতক দল গঠন কৰাৰ ঘোষণা কৰে।

প্ৰবিন ভাই টোগৰিয়াই আজি দলটো নামাৰকণ কৰে হিন্দুস্তান নিৰ্মান দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এসময়ৰ বন্বুূ প্ৰবিন ভাই টোগৰিয়াই চোকা সমালোচনা কৰি নকৈ গঠিত ৰাজনৈতিক দলটোৰ অধ্যক্ষৰ আসনত বহে। প্ৰবিন ভাই টোগৰিয়াই মোদীৰ বিৰুদ্ধে ভোভ উজাৰি কয় যে, মোদীয়ে দেশৰ জনসাধাৰণক বহুটো লাঞ্চনা দিলে। দেশৰ দুখীয়া জনসাধাৰণ নোহোৱা কৰাৰ বাবে মোদীয়ে বিকল্প পথ গ্ৰহণ কৰে। যিটো পথৰ বাবে ৰাইজে নানা ধৰণে হাৰাশাস্তি খাব লগীয়া হৈছে। মোদীৰ বাবে দেশৰ একাংশ কৃষকে আত্মহত্যা কৰিব লগা হৈছে। নিৰ্বাচনৰ আগমুহূৰ্তত নিবনুৱা সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া মোদীয়ে শাসনভাৰ লোৱাৰ পাছত সেয়া পাহৰি পেলাইছে। দেশত বৃদ্ধি ঘটিছে নিবনুৱা সমস্যা। মোদীয়ে মাত্ৰ ভাষণ হে দিব পাৰে কাৰ্যত সেয়া নকৰে বুলি অভিযোগ কৰে এসময়ৰ বন্বুূ প্ৰবিন টোগৰিয়াই। আগন্তুক লোকসভা নিৰ্বাচনত প্ৰবিন টোগৰিয়াৰ দলে নিৰ্বাচনক প্ৰতিদ্বন্দ্বীতা আগবঢ়াব বুলি ঘোষণা কৰি দেশৰ শাসনৰ গদীত আহিবলৈ সক্ষম হ’ব বুলি দাবি কৰে। জনসাধাৰণ সমস্যামুক্ত হোৱাৰ বাবে প্ৰবিন টোগৰিয়াৰ দলক সহায় আগবঢ়াবলৈ আহবান জনায় হিন্দুস্তান নিৰ্মান দলৰ অধ্যক্ষগৰাকীয়ে।