শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ২০০ বছৰ জীয়াই থাকিব বিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

২০০ বছৰ জীয়াই থাকিব বিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

ডিজিটেল সংবাদঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০০ বছৰ জীয়াই থকাৰ ইচ্ছা প্ৰকাশ কৰে। উল্লেখ্য যে ২০১৭ চনত ৰাষ্ট্ৰপতি হিচাপে অধিস্থিত হোৱা ড’নাল্ড ট্ৰাম্পৰ আজি দ্বিতীয় বাৰলৈ স্বাস্থ্য পৰিক্ষা কৰা হয়। ১১ জনীয়া চিকিৎসকৰ বিশেষজ্ঞ দলে চাৰি ঘণ্টা ধৰি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বাস্থ্য পৰিক্ষা কৰে। স্বাস্থ্য পৰিক্ষাৰ অন্তত চিকিৎসকে প্ৰকাশ কৰে যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বাস্থ্য অধিক উন্নত হৈ আছে। ৭০ বছৰীয়া ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বাস্থ্যৰ কোনো এটা দিশটো অৱনতি হোৱা নাই বুলি চিকিৎসকে প্ৰকাশ কৰে। ধূমপানৰ পৰা আঁতৰত থকা ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য অধিক সবল বুলি উল্লেখ কৰে চিকিৎসকে। ইপিনে ৰাষ্ট্ৰপতি ট্ৰাম্পে স্বাস্থ্য পৰিক্ষাৰ অন্তত তেওঁ ২০০ বছৰলৈ জীয়াই থকাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ ৰাইজৰ হকে আৰু বহুটো কৰিব থকা বুলি উল্লেখ কৰি ২০০ বছৰ বয়সলৈ জীয়াই থকাৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰনিধানযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্প অধিস্থিত হোৱাৰ পিছতে বিভিন্ন বিতৰ্কই গা কৰি উঠে। তেওঁৰ বিৰুদ্ধে উত্থাপিত হয় বিভিন্ন যুৱতীৰ লগত সম্পৰ্ক থকাৰ। কেবাগৰাকীও মডেলে ট্ৰাম্পৰ লগত শাৰিৰীক সম্পন্ধ থকাৰ কথা দোহাৰে। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বাস্থ্যৰ কথা চিকিৎসকে প্ৰকাশ কৰাত দেশখনৰ ৰাইজৰ মাজত চৰ্চা চলে