শেহতীয়া খবৰ
Home / আঞ্চলিক / কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

ডিজিটেল সংবাদ, গুৱাহাটীঃ কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাৰ পৰীক্ষা অন্ত পৰিব ১৪ মাৰ্চত। উল্লেখ্য যে এইবাৰ ৰাজ্যৰ ৭৮০টা কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া উক্ত পৰীক্ষাত সৰ্বমুঠ ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা, ৩৭,৪৫৫ গৰাকী বিজ্ঞান আৰু ১৮,২৯১ গৰাকী পৰীক্ষাৰ্থীয়ে বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব। আনহাতে, ৯১০গৰাকী পৰীক্ষাৰ্থীয়ে বৃত্তিগত শাখাত অৱতীৰ্ণ হ’ব।