শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যসভাৰ কাৰ্য্যসূচী দিনটোৰ বাবে স্থগিত; উত্থাপিত নহ’ল নাগৰিকত্ব বিধেয়ক

ৰাজ্যসভাৰ কাৰ্য্যসূচী দিনটোৰ বাবে স্থগিত; উত্থাপিত নহ’ল নাগৰিকত্ব বিধেয়ক

ডিজিটেল সংবাদঃ সমাজবাদী পাৰ্টীৰ সাংসদসকলৰ প্ৰবল প্ৰতিবাদৰ মাজত আজি দিনটোৰ বাবে ৰাজ্যসভাৰ কাৰ্য্যসূচী স্থগিত ৰখা হৈছে। কাইলৈ ১১ বজাতহে পুনৰ ৰাজ্যসভাৰ কাৰ্য্যসূচী আৰম্ভ হ’ব। সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদৱক লক্ষ্ণৌ এয়াৰ পৰ্টত আবদ্ধ কৰাৰ প্ৰতিবাদত দলটোৰ সাংসদসকলে ৰাজ্যসভা স্তব্ধ কৰি দিয়ে। আজিৰ কাৰ্য্যসূচীমতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন তথা আলোচনা হোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ কৰিব নোৱাৰিলে শাসকীয় দলে। গতিকে ইয়াক লৈ অতিশয় উৎকণ্ঠিত অসমৰ ৰাইজে সাময়িক স্বস্তি লাভ কৰিছে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰু ধন্যবাদ জ্ঞাপনেই সম্ভৱ নহ’ল আজিৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে। আনহাতে কেইবাখনো বিধেয়ক গৃহীত কৰাবলৈও বাকী আছে। গতিকে যদিও পূৰ্ব নিৰ্ধাৰিত সূচীমতে কাইলৈ সংসদৰ এই বাজেট অধিৱেশনৰ অন্তিম দিন, ইয়াক আৰু দুদিন বৃদ্ধি কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে। “বাজেট সন্দৰ্ভত আলোচনা কৰিবলৈ বাকী আছে। লগতে কেইবাখনো বিধেয়ক এতিয়াও গৃহীত হোৱা নাই।“ সংবাদ মাধ্যমৰ আগত এই মন্তব্য সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী বিজয় গোৱেলৰ। গোৱেলেও ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা বৃদ্ধিৰ সম্ভাৱনাৰ কথা কয়।

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পিছত অসমৰ দল-সংগঠন, ৰাজনৈতিক দলবোৰ দিল্লীত অধিক তৎপৰ হৈছে বিধেয়কখন ৰাজ্যসভাত প্ৰতিৰোধ কৰিবলৈ। কাৰণ ৰাজ্যসভাত ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বাধা দিয়াৰ বাদে আন একো উপায় হাতত নাই দল-সংগঠনবোৰৰ। গতিকে দিল্লীত অসম তথা উত্তৰ-পূবৰ দল-সংগঠনবোৰে পৃথকে পৃথকে বিৰোধী দল আৰু শাসকীয় মিত্ৰজোঁটৰো বিধেয়কখনৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ নেতৃত্বত সাক্ষাৎ কৰি বিধেয়কখনক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে।