শেহতীয়া খবৰ
Home / আঞ্চলিক / নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

মাহমুদ আলী, নীলবাগানঃ হোজাই জিলাত দিনক দিনে তীব্ৰ গতিত বৃদ্ধি পোৱা দূৰ্ঘটনাক লৈ স্থানীয় মহল শংকিত হৈ থকাৰ সময়তে আজি পুনৰ সংঘটিত হয় আন এক ভয়ংকৰ পথ দূৰ্ঘটনা। নীলবাগানৰ সমীপৰ লংকাৰ আলি মোবাৰক বস্তিত  সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।দূৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। আহত তিনিওজনৰ অৱস্থা অতি সংকটজনক। বাতৰি অনুসৰি আজি দিনৰ প্ৰায় ৩ মান বজাত  নীলবাগানৰ মোবাৰক বস্তিৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এ এচ ০১ এ চি ৭২৯৮ নম্বৰৰ ট্ৰাকখনৰ পিছফালে তীব্ৰ বেগত আহি থকা এ এচ ০২ বি চি ২২৯৭ নম্বৰৰ টেম্পো গাড়ীখনে তীব্ৰ বেগত খুন্দা মাৰে৷খুন্দা মাৰিয়েই টেম্পোখন ট্ৰাকৰ তলত সোমাই পৰে। দূৰ্ঘটনাত টেম্পোখনত আহি থকা ডবকা চাৰ্লকৰ চালেহা বেগম, জংগলব্লকৰ নুৰুল ইছলাম(৫৫) থিতাতে নিহত হোৱাৰ উপৰিও আন দুজন লোক নিহত হয়।নিহতৰ সংখ্যা মুঠ চাৰিজন। আন দুজনৰ পৰিচয় বাতৰি লিখা সময়লৈকে জানিব পৰা নাই। আনহাতে আহত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।উল্লেখ্য যে নীলবাগানৰ চাৰিলেনযুক্ত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথটো বিগত কিছুদিন ধৰি মৰণফান্দত পৰিণত হৈছে। প্ৰতিদিনে একোটাকৈ ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে স্থানীয় সচেতন ৰাইজ।