শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীত  লোকসভা নিৰ্বাচনৰ ই ভি এম-ভি ভি পি এ টিৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পন্ন

নলবাৰীত  লোকসভা নিৰ্বাচনৰ ই ভি এম-ভি ভি পি এ টিৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পন্ন

ডিজিটেল সংবাদ,নলবাৰীঃ আগত লোকসভা নিৰ্বাচন সম্বন্ধীয় প্ৰক্ৰিয়াসমূহ নিয়াৰিকৈ আৰু মসৃণভাৱে চলাই নিয়াৰ উদ্দেশ্যে যোৱা ১২ ফেব্ৰুৱাৰীত নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল আগন্তুক নিৰ্বাচনত নিয়োজিত হ’বলগীয়া সমষ্টি পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক আৰু জিলাখনৰ সহকাৰী ৰিটাৰ্ণিং অফিচাৰ সকলক নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰ হবলগীয়া ই ভি এম আৰু ভি ভি পি এ টিৰ ব্যৱহাৰিক দিশৰ জ্ঞান প্ৰদান কৰা। প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰাৰম্ভিক অনুষ্ঠানিকতা পৰ্বত জিলা নিৰ্বাচনী বিষয়া জিলাৰ উপায়ুক্ত ভৰতভূষণ দেৱ চৌধুৰী সভাপতি হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণকাৰীসকলৰ উদ্দেশ্যি কয় যে – এজন সমষ্টি পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক বা এজন সহকাৰী ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰয়োজনীয় সকলো তথ্য পোৱা যায় বুলিয়েই সাধাৰণতে সৰ্বসাধাৰণ ৰাইজৰ ধাৰণা।
গতিকে প্ৰতিজন প্ৰশিক্ষকেই ই ভি এম আৰু ভি ভি পি এ টিৰ ব্যৱহাৰ সম্পৰ্কেও বিতংভাৱে জ্ঞাত হ’ব লাগিব যাতে প্ৰয়োজনত প্ৰিজাইডিং বা প’লিং অফিচাৰসকলক তথা তথ্য বিচাৰি অহা যিকোনো ব্যক্তিক খোকোজা নলগাকৈ উক্ত উপকৰণ সমূহৰ ব্যৱহাৰ প্ৰণালীৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ দিব পাৰে বা বিতংভাৱে বুজাব পাৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ যোগেদি উপায়ুক্ত দেৱচৌধুৰীয়ে আগন্তুক লোকসভা নিৰ্বাচন ২০১৯ সুকলমে আৰু মসৃণভাৱে চলাই নিয়াত উপস্থিত সকলোৰে পূৰ্ণ সহায় সহযোগিতা কামনা কৰাৰ লগতে সকলোকে নিৰ্বাচন প্ৰক্ৰিয়াৰ দায়িত্বসমূহ গুৰুত্ত্ব সহকাৰে আৰু নিষ্ঠাৰে পালন কৰাৰ বাবেও আহ্বান জনায়। প্ৰশিক্ষণ কার্যসূচীত জিলা উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ শৰ্মা আৰু উদয়দিত্য গগৈ,  সহকাৰী ৰিটাৰ্ণিং অফিচাৰ, সহকাৰী আয়ুক্তসকল, ৪৮ গৰাকী সমষ্টি পৰ্যায়ৰ মুখ্য প্ৰশিক্ষককে ধৰি  প্ৰশিক্ষণ প্ৰদান কৰা তিনি গৰাকী সমল ব্যক্তি ক্ৰমে বৰভাগ মহাবিদ্যালয়ৰ প্ৰবক্তা ক্ৰমে ড° ধনেশ্বৰ বৈশ্য আৰু নলবাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তাদ্বয় ক্ৰমে ড° মণি শৰ্মা  আৰু ড° নৱজ্যোতি ডেকা উপস্থিত থাকে।