শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাঁৱত কুখ্যাত ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

নগাঁৱত কুখ্যাত ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া। নগাঁও নগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ বেঙেনাআটিত অভিযান চলাই ড্ৰাগছ মাফিয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াজন হ’ল- আব্দুলজলিল উৰফে খোকা। উল্লেখ্য যে আব্দুল জলিলে দীৰ্ঘদিন ধৰি সমগ্ৰ নগাঁও জিলখনতে ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। নগাঁও আৰক্ষীয়ে মষ্ট ৱাণ্টেড আব্দুল জলিলক দীৰ্ঘদিন ধৰি বিচাৰি আছিল যদিও জলিলে সঘনাই ঠাই সলনি কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। মণিপুৰ, মেঘালয় আদিৰ পৰা হোজাই হৈ নগাঁও চহৰলৈ আব্দুল জলিলে ড্ৰাগছ সৰবৰাহ কৰিছিল। আব্দুল জলিলৰ লগত আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায় চক্ৰৰ লগত সম্পৰ্ক আছিল বুলি এক সুত্ৰই জানিব পৰা গৈছে।