শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৭,০৬,৪৮৯ নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লোকসভা নিৰ্বাচনত

৭,০৬,৪৮৯ নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লোকসভা নিৰ্বাচনত

ডিজিটেল সংবাদঃ সমাগত নিৰ্বাচন৷ নিৰ্বাচনৰ কাৰণে সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল৷ লগতে এইবাৰ প্ৰথম বাৰৰ কাৰণে ভোট প্ৰদান কৰিব ১৮ -১৯ বছৰীয়া যুৱক যুৱতীয়ে৷ নতুন কৈ ভোট প্ৰদান কৰা ভোটাৰৰ সংখ্যা হৈছে ৭,০৬,৪৮৯ জন৷ এই সময়তে ভাৰতীয় নিৰ্বাচন আয়োগে সকলোকে নিৰ্দেশ দিয়ে যে বিষয়াসকলৰ স্থানান্তৰণ আৰু নিযুক্তিৰ সীমা দিছে ২৮ ফ্ৰেব্ৰুৱাৰী ৷ ইয়াৰ পিছতে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ নিৰ্বাচন আয়োগে ভাৰতৰ নিৰ্বাচন কমিশ্যনক ৰাজ্য চৰকাৰক সম্বন্ধিত বিভাগ আৰু কাৰ্যালয়ৰ সকলো তথ্যৰ লগতে এখন প্ৰতিবেদনো দাখিল কৰিব লাগিব বুলি ভাৰতৰ নিৰ্বাচন কমিশ্যনে নিৰ্দেশ দিয়ে ৷

ভাৰতৰ নিৰ্বাচন কমিশ্যনৰ নিৰ্দেশ অনুসৰি ২০১৯ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হৈছিল। নতুন ভোটাৰ তালিকা অনুসৰি, অসমত ভোটাৰৰ সংখ্যা হৈছে ২,১৭,৬০,৬০৪ জন৷ ইয়াৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ১,১১,৩২,৭৮২ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,০৬,২৭,৮২২ গৰাকী৷ ২০০৮ চনৰ মুঠ ভোটাৰ আছিল ২,১২,৪৭,৮৫৪৷ গতিকে ২০১৯ বৰ্ষত ৫,১২,৭৫০ জন ভোটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ অৰ্থাৎ ২.৪২ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ইয়াৰ মাজতে ইচি আই য়ে নিৰ্দেশ দিয়ে যে নিৰ্বাচনৰ লগত জড়িত যিকোনো বিষয়াক সম্প্ৰতি দুটা খণ্ডত নিযুক্তি দিয়া ন’হব৷ এই নিৰ্দেশ ডীইঅ’ৰ লগতে নিৰ্বাচনৰ জৰিত কৰ্মকৰ্তাসকলৰ কাৰণে প্ৰযোজ্য হ’ব৷ লগতে আৰক্ষী বিভাগৰ বিষয়া সকল আই জি, ডিআইজী, এচএচপি, এছ পি আদি সকলৰ কাৰণেও প্ৰযোজ্য হ’ব৷ বিষয়াসকলৰ স্থানান্তৰিত কৰাৰ সময়, ৰাজ্য চৰকাৰৰ বিভাগীয় কাম কাজৰ লগতে বিষয়াসকলে যাতে নিজৰ গৃহ জিলাত নিযুক্ত নহয় তাৰ কাৰণে সুনিশ্চিত হ’ব লাগিব ৷