শেহতীয়া খবৰ
Home / আঞ্চলিক / বাক্সাত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ হিৰোইনসহ দুজন যুৱকক গ্ৰেপ্তাৰ

বাক্সাত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ হিৰোইনসহ দুজন যুৱকক গ্ৰেপ্তাৰ

নিপু বায়ন, আনন্দ বজাৰঃ বাক্সাৰ শিমলা আৰক্ষীৰ অভিযানত হিৰোইনসহ গ্ৰেপ্তাৰ দুই যুৱক৷ গুৱাহাটীৰ কটাহবাৰীৰ পৰা হিৰোইন ড্ৰাগছ ক্ৰয় কৰি বাক্সাত প্ৰতিদিনে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ সময়তে অৱশেষত দুই লক্ষাধিক টকাৰ ড্ৰাগছ সহ কালি নিশা দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাক্সাৰ শিমলা আৰক্ষী। বাক্সা জিলাৰ শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই নিশা জিলাখনৰ লক্ষ্মীবজাৰৰ দুৰ্গম অঞ্চলত অভিযান চলাই দুই লক্ষাধিক টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা যুৱক দুজন দৰং জিলাৰ ছিপাঝাৰৰ বাসিন্দা  ক্ৰমে কৰিম আলী আৰু ৰহিম উদ্দিম। সম্প্ৰতি দুয়োকে অধিক তথ্যৰ শিমলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।