শেহতীয়া খবৰ
Home / আঞ্চলিক / বীৰ শ্বহীদক শ্ৰদ্ধাৰে মহানগৰীত আমছুৰ বন্তি প্ৰজ্বলন

বীৰ শ্বহীদক শ্ৰদ্ধাৰে মহানগৰীত আমছুৰ বন্তি প্ৰজ্বলন

ডিজিটেল সংবাদ, গুৱাহাটীঃ কালি জম্মু-কাশ্মৰীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আত্মঘাটী বিষ্ফোৰণত শ্বহীদ হোৱা জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপত ১০০১ গছি বন্তি প্ৰজ্বলন কৰি বীৰ শ্বহীদৰ আত্মাৰ চিৰ শান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে৷ এই নাৰকীয় তথা বৰ্বৰ কাণ্ডক আমছু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা আমছু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলামে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদীক অতিশীঘ্ৰে ছার্জিকেল স্ট্রাইক চলাই কাপুৰুষ সন্ত্রাসবাদী সকলক ভাৰতৰ বুকুৰ পৰা চিৰদিনৰ বাবে নিঃশেষ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷

বন্তি প্ৰজ্বলন অনুষ্ঠানত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে উপস্থিত থাকি দেশৰ কাৰণে আত্মবলিদান দিয়া বাৰ শ্বহীদ  সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ দেশৰ এনে এক দুঃসময়ৰ সময়ত জাতি-ধৰ্ম তথা ৰাজনীতিৰ উৰ্দ্ধত গৈ সকলোৱে একেমুখে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাৰবান্ধী থিয় হবলৈ অহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে৷ অনুষ্ঠানত উপস্থিত থাকি সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাণ্ডক কাপুৰুষালী আখ্যা দি এই কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আবুল হুছেইনে৷ অনুষ্ঠানত আমছু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ইমৰাণ আহমেদকে আদি কৰি জিলা পৰ্য্যায়ৰ বিষয়ববীয়াৰ লগতে বহুতো কৰ্মী সমৰ্থক উপস্থিত থাকি বীৰ শ্বহীদৰ আত্মাৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰে৷