শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৭ ফেব্ৰুৱাৰীত নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুলৰ স্থায়ী গৃহৰ আধাৰশিলা

১৭ ফেব্ৰুৱাৰীত নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুলৰ স্থায়ী গৃহৰ আধাৰশিলা

‘ড০ দেৱব্ৰত শৰ্মাৰ সম্পাদনাৰে উন্মোচন হ’ব ‘নেলীৰ বুকুত সৃষ্টি হওক সুউচ্চ জাতীয় শ্বহীদ মিনাৰ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ নিলগত থকা নেলীত বছৰ বছৰ ধৰি অনগ্ৰসৰতাই ভৱিষ্যৎচামক কাল এন্ধাৰৰ গহবৰলৈ ঠেলি থকালৈ লক্ষ্য কৰি নেলী ডেভেলপমেণ্ট কমিটীৰ উদ্যোগত শিক্ষা আৰু সমাজ-জীৱনৰ উন্নয়নৰ স্বাৰ্থত লোৱা পদক্ষেপৰ অংশ  হিচাপে স্থাপন কৰা হৈছিল এখন নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী৷ স্বাধীনতাৰ ৭২ বছৰ পাছতো উচ্চ শিক্ষাৰ বাবে নেলীবাসীয়ে ২০-২৫ কিলোমিটাৰ নিলগলৈ ঢাপলি মেলিব লগা হৈছিল যদিও নেলী ডেভেলপমেণ্ট কমিটী আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত স্থাপন কৰা হৈছিল নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী৷ নেলীৰ মূলাধাৰীত এই স্কুল স্থাপনৰ পিছতে পশ্চাদপদ অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হৈছিল। সহস্ৰাধিক লোকৰ কেঁচা তেজেৰে সিক্ত ঐতিহাসিক নেলীত অহা ১৭ ফেব্ৰুৱাৰী দেওবাৰে নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুলৰ স্থায়ী গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ’ব।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক তথা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান, জ্যেষ্ঠ অধিবক্তা তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাৰ কাউন্সিলৰ সভাপতি আৰু নেলী ডেভেলপমেণ্ট কমিটীৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰী, পদ্মশ্ৰী অধ্যাপক ড০ ইলিয়াছ আলী আৰু যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০দেৱব্ৰত শৰ্মাই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটোতে বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট চিন্তাবিদ ড০ দীনেশ বৈশ্য, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ জ্যোতিৰ্ময় জানা, বিশিষ্ট সাহিত্যিক দেৱেন্দ্ৰনাথ মুক্তিয়াৰ, নলবাৰীৰ প্ৰাক্তন বিধায়ক চন্দ্ৰধৰ কলিতাই উন্মোচন কৰিব যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাৰ সম্পাদনাৰে প্ৰস্তুত কৰা গ্ৰন্থ ‘নেলীৰ বুকুত সৃষ্টি হওক সুউচ্চ জাতীয় শ্বহীদ মিনাৰ’। অনুষ্ঠানত আমন্ত্ৰিত হিচাপে উপস্থিত থাকিব তামিল চিনেমাৰ একমাত্ৰ অসমীয়া নেপথ্য গায়িকা ড০ ৰাণু বৈশ্য৷  উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে নেলী ডেভেলপমেণ্ট কমিটীৰ মুখ্য আহবায়ক ছাহজাহান তালুকদাৰ আৰু সাধাৰণ সম্পাদক ছিৰাজুদ্দিন আহমেদে।