শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙাত একেদিনাই তিনিটা গঁড়ৰ মৃত্যু, মাতৃহাৰা পোৱালি উদ্ধাৰ ।

কাজিৰঙাত একেদিনাই তিনিটা গঁড়ৰ মৃত্যু, মাতৃহাৰা পোৱালি উদ্ধাৰ ।

গণ বাৰ্তা, বোকাখাত, কাজিৰঙা  ঃ

গঁড় হত্যাৰ ঘটনাই কাজিৰঙাত সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে দেওবাৰ দিনটোত কাজিৰঙাত উদ্ধাৰ হয় তিনিটাকৈ গঁড়ৰ মৃতদেহ। অৱশ্যে গঁড় কেইটাৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি জানিবলৈ দিছে বনবিভাগে। আজি পুৱা বাগৰী বনাঞ্চলৰ অধীনৰ গেৰাকাটি বনশিবিৰ এলেকাত এজনী মাইকী গঁড়ৰ স্বাভাৱিক মৃত্যু ঘটে । উল্লেখ্য যে, এই গঁড় জনীৰ আছিল এটা তিনিমহীয়া পোৱালি। মাতৃক হেৰুৱাৰ পিছতে মাতৃহাৰ পোৱালিটোৱে কাজিৰঙাৰ অৰণ্যৰ মাজত অনাই-বনাই ঘূৰি আছিল । অৱশেষত বনবিভাগে মাতৃহাৰা গঁড়ৰ পোৱালিটোক উদ্ধাৰ কৰি কাজিৰঙাস্থিত পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে । আনহাতে এই ঘটনাৰ পিছতেই পুনৰ একেখন বনাঞ্চলৰ ম’ৰফুলনী বনশিবিৰ এলেকাত পুনৰ এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে। এই গঁড়টোৰ মৃত্যুৰ কাৰণো বনবিভাগে স্বাভাৱিক বুলি জানিবলৈ দিয়ে । ইপিনে, ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা বনাঞ্চলৰ অধীনত আজি দুপৰীয়া আন এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই গঁড়টোৰো মৃত্যুৰ কাৰণ বাৰ্ধক্যজনিত কাৰণত বুলি বনবিভাগে জানিবলৈ দিয়ে। বনবিভাগে মৃত তিনিওটা গঁড়ৰ খৰ্গ ইতিমধ্যে উদ্ধাৰ কৰিছে। আনহাতে, একেদিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা গঁড়ৰ মৃত্যু হোৱা ঘটনাই কাজিৰঙাত সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।