শেহতীয়া খবৰ
Home / আঞ্চলিক / মধ্য অসমবাসীৰ বাবে এক সুখবৰ ঃ ২২ ফেব্ৰুৱাৰীৰ পৰা চেন্নাইলৈ চলিব অত্যাধুনিক ৰে’ল সেৱা 

মধ্য অসমবাসীৰ বাবে এক সুখবৰ ঃ ২২ ফেব্ৰুৱাৰীৰ পৰা চেন্নাইলৈ চলিব অত্যাধুনিক ৰে’ল সেৱা 

ষ্টাফ ৰিপ’ৰ্টাৰ , নগাঁও  ঃ

মধ্য অসমবাসীৰ বাবে এক সুখবৰ। পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলাৰ পৰা দক্ষিণ ভাৰতলৈ চলিব অত্যাধুনিক ৰে’ল সেৱা। জিলাখনৰ কলিয়াবৰৰ শিলঘাট ষ্টেচনৰ পৰা ২২ ফেব্ৰুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে আনুষ্ঠানিকভাৱে এই ৰে’ল সেৱা মুকলি কৰিব বুলি ৰে’ল বিভাগৰ এক সূত্ৰত প্ৰকাশ। এই ৰে’ল সেৱা মুকলি হোৱাৰ লগে লগে সমগ্ৰ মধ্য অসমৰ নগাঁৱৰ লগতে উত্তৰ অসমৰ ৰে’ল যাত্ৰীসকলে দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা লাভ কৰিব। ‘শিলঘাট-তাম্বাৰাম এ’প্ৰেছ’ নামৰ ৰে’লখন প্ৰতি সপ্তাহৰ শুকুৰবাৰে চেন্নাই অভিমুখে যাত্ৰা কৰি দেওবাৰে নিশা চেন্নাই পাবগৈ আৰু চেন্নাইৰ পৰা শিলঘাট অভিমুখে প্ৰতি সোমবাৰে যাত্ৰা কৰি বৃহস্পতিবাৰে শিলঘাট পাবহি। এই এ’প্ৰেছখনত এটা টু-ায়াৰ এচি দবা, চাৰিটা থ্ৰি-টায়াৰ এচি দবা, ১৩ টা শ্লিপাৰক্লাছ দবাসহ মুঠ ২৩টা দবা থাকিব। বিশেষকৈ ৰে’ল সেৱা শুভাৰম্ভ হোৱাৰ ফলত চেন্নাইলৈ চিকিৎসাজনিত কাৰণে যোৱা ৰোগীসকল বিশেষভাৱে উপকৃত হ’ব। উল্লেখ্য যে, নগাঁওবাসী ৰাইজৰ বহু প্ৰতীক্ষাৰ অন্তত চলিত বৰ্ষৰ পহিলা জানুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে নগাঁও জিলাৰ শিলঘাট ৰে’ল ষ্টেচনৰ পৰা এখন দূৰণিবটীয়া ৰে’লৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ পিছত চেন্নাইলৈ চলিব এই ৰে’ল সেৱাই মধ্য অসমবাসীক বাৰুকৈয়ে উপকৃত কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ প্ৰচেষ্টাত এই ৰে’ল সেৱা ৰাইজে লাভ কৰিবলৈ সক্ষম হ’ব। ২২ ফেব্ৰুৱাৰীত চেন্নাই অভিমুখে যাব লগা নতুন ৰে’লখনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান নগাঁও ৰে’ল ষ্টেচনত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ৰে’ল বিভাগে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইপিনে, মধ্য অসমৰ ৰাইজে ৰাজেন গোহাঁইৰ মন্ত্ৰিত্ব কালত দেশৰ ৰাজধানী দিল্লীলৈ যাবৰ বাবে আন এখন ৰে’ল সেৱা মুকলি কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে। এইক্ষেত্ৰত ৰে’ল ৰাজ্যমন্ত্ৰী গৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।