শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / চীন, ভিয়েটনাম, ম্যানমাৰ সহ আন কেইবাখন দেশত বাবে বিমান সেৱা আৰম্ভ কৰিব ইণ্ডিগোই

চীন, ভিয়েটনাম, ম্যানমাৰ সহ আন কেইবাখন দেশত বাবে বিমান সেৱা আৰম্ভ কৰিব ইণ্ডিগোই

ডিজিটেল সংবাদঃ ভাৰতবৰ্ষত কম মূল্যত বিমান সেৱা প্ৰদানকাৰী কোম্পানী হ’ল ইণ্ডিগো৷ এইবাৰ ইণ্ডিগোই লৈ আহি আছে আন এক ভাল খবৰ৷ এতিয়া ইণ্ডিগো কোম্পানীয়ে চীন, ভিয়েটনাম, ম্যানমাৰ আৰু চৌদি আৰব সহ আৰু কিছু দেশৰ বাবে বিমান পৰিসেৱা প্ৰদানৰ পৰিকল্পনা কৰিছে৷ কোম্পানীৰ প্ৰাধান কাৰ্যবাহী কৰ্মকৰ্তা ৰণজয় দত্ত জনায় যে, ইণ্ডিগো এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ চাহিদা বৃদ্ধি কৰাৰ কথা ভাবিছে আৰু নিজৰ ক্ষমতাৰ ৫০ শতাংশ সেই বজাৰত ব্যয় কৰিব বিচাৰে কোম্পানীটোৱে৷

ঘৰুৱা বিমান ক্ষেত্ৰত ইণ্ডিগো ৪২.৫০ শতাংশৰ অংশীদাৰ৷ এই কোম্পানীৰ ওচৰত আছে ২০০ ৰো অধিক বিমান৷ প্ৰতিদিন ১৩০০ বেছি বিমান উৰুৱাত সক্ষম এই কোম্পানীয়ে৷ দত্তই লগতে আৰু কয় যে, ‘‘আমি চীন, ভিয়েটনাম, ম্যানমাৰ, তুৰ্কি, চৌদি আৰব আৰু ৰাষ্ট্ৰসংঘৰ দেশ সমূহৰ বাবে বিমান পৰিসেৱা আৰম্ভ কৰাৰ কথা ভাবিছো৷ তাৰ বাবে আগৰ পৰাই আমাৰ যিমান বিমান আছে তাৰ সংখ্যাও বৃদ্ধি কৰিব পৰা হ’ব পাৰে৷’’ তেওঁ লগতে জনায় সৰু সৰু চহৰ সমূহতো সহজ লভ্য কৰা হ’ব বিমান সেৱা৷