শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ মৃত্যু !

জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ মৃত্যু !

ডিজিটেল সংবাদ, গুৱাহাটীঃ মৃত্যু হৈছে জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ৷ পাকিস্তানৰ একাধিক সূত্ৰৰ পৰা এইধৰণৰ বাতৰি ইতিমধ্যে প্ৰচাৰিত হৈ আছে৷ সূত্ৰৰ মতে কিছুদিন পূৰ্বে ৰাৱালপিণ্ডিৰ সেনা হাস্পাতালত গুৰুতৰ ভাবে আহত অৱস্থাত ভৰ্তি কৰোৱা হৈছিল মাছুদ আজহাৰক৷ কিডনি বিকল হৈ হাস্পাতালত ভৰ্তি হৈ ডায়লাইছিছ কৰি আছিল বুলি সূত্ৰত প্ৰকাশ হৈছিল৷ ইয়াৰ পিছতে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি জানিব পৰা গৈছে যে জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ মৃত্যু হৈছে৷ কিন্তু পাকিস্তান চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কে কোনো বাতৰি এতিয়ালৈ প্ৰকাশ হোৱা নাই৷ কালিয়ে জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ মৃত্যু হোৱা বুলি সূত্ৰত জানিব পৰা গৈছে৷