শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০২০ চনৰ ভিতৰত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেই সংযোজিত কৰা হ’ব বিজি ৰে’ল লিংকৰ যোগেদি

২০২০ চনৰ ভিতৰত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেই সংযোজিত কৰা হ’ব বিজি ৰে’ল লিংকৰ যোগেদি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেৰ ভৱিষ্যত কাৰ্যপন্থাৰ দস্তাৱেজ অনুসৰি আগন্তুক ২০২০ চনৰ ভিতৰত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেই বিজি ৰে’ল লিংকৰ দ্বাৰা সংযোজনৰ কাম সম্পন্ন কৰা হ’ব, এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক এন কে মিশ্ৰই।যোৱা১মাৰ্চতগুৱাহাটীৰ মালিগাওঁস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত আন্তঃমিডিয়া প্ৰচাৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ আই এম পি চি চিৰ মাহেকীয়া এক সভাত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়াগৰাকীয়ে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৱ মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী কুলদীপ সিং ধাতৱালিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰে’লৱেৰ মহাপ্ৰবন্ধকগৰাকীয়ে ‘উত্তৰ-পূৱ মণ্ডলত ৰে’লৱে আন্তঃগাঁথনিৰ উন্নয়ন’ প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰীসকলৰ বিষয়ে এক ৰূপৰেখা দাঙি ধৰে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ লক্ষ্য, সাফল্য আৰু সম্প্ৰতি চলি থকা বিভিন্ন প্ৰকল্পসমূহৰ বিষয়ে বিশদ বৰ্ণনা উপস্থাপন কৰি মহাপ্ৰবন্ধক মিশ্ৰই কয় যে উত্তৰ-পূৰ্বাঞ্চলত উন্নত যোগাযোগ ব্যৱস্থা আৰু সুবিধা প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই অৱগত কৰা অনুসৰি ২০২০ চনৰ ভিতৰত বিজি লিংকৰ কাৰ্য সম্পাদন কৰাৰ উপৰিও উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই অনাগত সময়ছোৱাত সম্পাদন কৰাৰ বাবে ধাৰ্য কৰা ইয়াৰ অন্যান্য লক্ষ্যসমূহ হৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত সমগ্ৰ মিটাৰ গজ ৰে’ল লাইনৰ ব্ৰডগজ লাইনলৈ ৰূপান্তৰিত কৰা, উত্তৰ-পূৱত ক্ষীপ্ৰ যোগাযোগ ব্যৱস্থা প্ৰদান বাবে নিউ জলপাইগুৰিৰ পৰা লামডিংলৈ ৰে’লআলি ডাবলিং কৰা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ বাবে বিভিন্ন পন্থা ইত্যাদি। উল্লেখ্য যে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত সম্প্ৰতি কাম চলি থকা অৱস্থাত আছে ৪৩ টা প্ৰকল্প, অৱশ্যে ইয়াৰে ১৪ টা প্ৰকল্পৰ কাম কায়িকভাৱে সম্পূৰ্ণ হৈছে, ৩ টা প্ৰকল্প CCEA ৰ অনুমোদনৰ বাবে অপেক্ষাৰত অৱস্থাত আছে আৰু ৪ টা প্ৰকল্প প্ৰাৰম্ভিক পৰিকল্পনা পৰ্যায়ত আছে।
এই বৈঠকত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ বিষয়াসকলে উত্তৰ-পূৱৰ আঠোখন ৰাজ্যতে ৰে’লৱেই কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ এক ৰূপৰেখা দাঙি ধৰে। বৈঠকতে উল্লেখ কৰা হয় যে বৰ্ণিহাটৰ পৰা শ্বিলংলৈ ১০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰে’লআলিৰে অসম আৰু মেঘালয়কো শীঘ্ৰেই সংযোজিত কৰা হ’ব। ইফালে জিৰিবামৰ পৰা ইম্ফললৈ ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰে’লআলিৰে মণিপুৰকো সামৰি লোৱা হ’ব শীঘ্ৰেই। জিৰিবাম-ইম্ফল ৰে’লপথ নিৰ্মাণ প্ৰকল্পৰ অধীনত ভূপৃষ্ঠৰ পৰা ১৪১ মিটাৰ উচ্চতাত এক ৰে’লসেঁতু নিৰ্মাণ কৰি থকা হৈছে। উল্লেখ্য যে এই ৰে’লসেঁতু হ’ব বিশ্বৰ ভিতৰতেই সৰ্বাধিক উচ্চতাৰ ৰে’লসেঁতু।
ৰে’ল বিভাগৰ বিভিন্ন দিশৰ উপস্থাপনৰ পিছতেই বৈঠকৰ অধ্যক্ষ শ্ৰী কুলদীপ সিং ধাতৱালিয়াই উত্তৰ-পূৱক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোজিত কৰিবৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই কৰা এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, তথ্য আৰু জনসংযোগ সঞ্চালকালয় আৰু উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই বিভিন্ন বিভাগসমূহৰ পদক্ষেপ, কাৰ্যাৱলী আৰু সফলতাসমূহৰ সঠিক প্ৰচাৰৰ বাবে যৌথভাৱে কাম কৰিব। তেওঁ লগতে কয় যে এই তিনিওটা বিভাগৰ দ্বাৰাই সংবাদ মাধ্যমলৈ তথ্যসমূহৰ ক্ষীপ্ৰ আৰু সঠিক প্ৰেৰণৰ বাবে এটা হোৱাটছএপ্প গ্ৰুপো গঠন কৰা হৈছে।
উল্লেখ্য যে এই বৈঠকত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে আৰু তেওঁলোকৰ দৃষ্টিভঙ্গী আৰু পৰামৰ্শ আগবঢ়ায়। তেওঁলোকে কয় যে এই আইএমপিচিচিৰ মঞ্চখন তেওঁলোকৰ দৃষ্টিভঙ্গী বিনিময় কৰাৰ লগতে অইন সদস্যসকলৰো মতামত জানিবলৈ যঠেষ্ট লাভদায়ক বিবেচিত হৈছে।