শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আছে গৰু নবয় হাল

আছে গৰু নবয় হাল

✍গিৰীন্দ্ৰ শইকীয়া

বোলে ‘আছে গৰু নবয় হাল, হোৱাৰ সলনি নোহোৱাই ভাল।’ কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা অন্তৰ্বৰ্তী বাজেটখন চাই এই আপ্ত বাক্যষাৰেই মনলৈ আহিছে। মোদী চৰকাৰৰ এইখন অন্তিম বাজেট। আৰু কেইমাহমানৰ পিছতে দেশত সাধাৰণ নিৰ্বাচন হ’ব।তেনেস্থলত নিৰ্বাচনী বছৰৰ অন্তিম বাজেটত দহ বছৰৰ লক্ষ্য নিৰ্ধাৰিত পৰিকল্পনা কিমান বাস্তৱসন্মত সেয়া বিচাৰ্য কথা৷ তদুপৰি, চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি বিলাকৰ কি হ’ল, সেয়াও এই সময়তে জুকিয়াই চাব লাগিব।২০১৪ ত চৰকাৰে পাঁচ বছৰৰ ভিতৰত গংগা নদী পৰিষ্কাৰ কৰাৰ কথা কৈছিল। সেই হিচাপত চলিত বছৰত আমি এখন নিৰ্মল গংগা পাব লাগিছিল।কিন্তু এতিয়া চৰকাৰে গংগা নিৰ্মল কৰণৰ বাবে এই বাজেটত আকৌ ২০২৯ৰ সময়সীমা ধাৰ্য কৰিছে। একেদৰে, স্বচ্ছতা-শৌচালয়-গৃহ প্ৰদানৰ লক্ষ্য ২০২২ বা তাৰ আগতে আহৰণ কৰা হ’ব বুলি কৈছিল।কিন্তু আকৌ একেটা কামৰ বাবে ২০২৯ ক লক্ষ্য হিচাপে লোৱা হৈছে। তথাকথিত ডিজিটেল ইণ্ডিয়া, মহাকাশ পৰিকল্পনা, শস্য, আত্মনিৰ্ভৰশীলতা—এই সকলোৰে বাবে ২০২৯ ক সময়সীমা হিচাপে লোৱা হৈছে।এইবোৰ ক্ষেত্ৰত চৰকাৰে নিজে বান্ধি দিয়া সময়সীমা উকলি গ’ল, কিন্তু লক্ষ্যত উপনীত হোৱা নগ’ল।এতিয়া আকৌ একেবোৰ লক্ষ্যত উপনীত হ’বলৈ নতুন সময়সীমা বান্ধি দিয়া কথাটোত ৰাইজখন কেনেকৈ পতিয়ন যাব ?

শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত এই বাজেটত তেনে কোনো বিশেষ পদক্ষেপৰ কথা কোৱা হোৱা নাই।ৰাষ্ট্ৰীয় পৰিসংখ্যা সমীক্ষা সংস্থা এনএছএছঅ’ৰ মতে, দেশত কৰ্মসংস্থানহীনতা ৪৫ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰ পাইছেগৈ।যোৱা পাঁচ বছৰত কৰ্মসংস্থানহীনতা ২৩০ শতাংশ বৃদ্ধি পাইছে।কিন্তু বাজেটত এই কৰ্মসংস্থানহীনতাদূৰ কৰাৰ কোনো পৰিকল্পনা দেখা নগ’ল।চৰকাৰে কৈ আছে যে অৰ্থনৈতিক বিকাশ হ’লে কৰ্ম সংস্থাপনৰ পথ আপোনা-আপুনি মুকলি হ’ব।তেন্তে, পৰিসংখ্যাত যে প্ৰকাশ পাইছে যে ইউপিএ চৰকাৰৰ তুলনাত মোদী চৰকাৰৰ দিনত নিয়োগ ৫৩ শতাংশ কমি গ’ল, ইয়াৰ অৰ্থ এইটো নেকি যে চৰকাৰে দেশৰ বিকাশ হোৱা বুলি যিবোৰ আস্ফালন কৰি আছে, সেইবোৰ সঁচা নহয় ? মোদী চৰকাৰৰ দিনত যদি বিকাশ হৈছে, তেন্তে নিবনুৱা ক’ৰ পৰা বাঢ়িল ? যদি বিকাশ হ’লেও নিবনুৱাৰ সংস্থাপন নহ’ব পাৰে, তেন্তে এইখন বাজেটত নিবনুৱাৰ সংস্থাপনৰ কোনো পৰিকল্পনা নোহোৱাকৈ বিকাশৰ কথাতে সীমাবদ্ধ থকাটো নিৱনুৱাই মানি ল’ব পৰা কথানে ?

বাজেটত উজ্জ্বলা যোজনাৰ কথা উল্লেখ কৰিছে ঠিকেই, কিন্তু বিগত সময়ছোৱাত এই যোজনাৰ পৰা কাৰ কিমান লাভ হ’ল, সেই কথা কোৱা নাই। আচল সত্যটোহৈছে—এই বাজেটে মহিলা উদ্যোগী আৰু গৃহস্থী মহিলাসকলক নিৰাশ কৰিলে।ইফালে, ব্যক্তিগত সংস্থাৰ পৰিসংখ্যা মতে, ৰন্ধন গেছৰ সংযোগৰ হাৰ ১৬ শতাংশ বেগত বৃদ্ধি পাইছে অথচ ব্যৱহাৰৰ গতিবেগ বৃদ্ধিৰ হাৰ ১০ শতাংশহে।অৰ্থাৎ, ব্যক্তিগত সংস্থাৰ পৰিসংখ্যা মতে, উজ্জ্বলা যোজনাৰ অধীনত দ্বিতীয়বাৰ চিলিণ্ডাৰ ভৰোৱা লোকৰ সংখ্যা কম।এতিয়া এনেকুৱা পৰিস্থিতিয়েই দেশত সুলভ, পাকঘৰত গেছৰ চিলিণ্ডাৰ আছে, কিন্তু মাহৰ পিছত মাহ ধৰি খালী।সেয়াও সেই আছে গৰু নবয় হালৰ লেখীয়া।

বিত্ত মন্ত্ৰীয়ে কৈছে যে ক্ষুদ্ৰ ব্যৱসায়ীয়ে এক কোটি টকা পৰ্যন্ত ঋণ এঘণ্টাৰ ভিতৰত পাব। আগতেও এই কথা কৈছিল।কিন্তু এতিয়ালৈকে কিমান ক্ষুদ্ৰ ব্যৱসায়ীক এঘণ্টাৰ ভিতৰত কোটি টকাৰ ঋণ দিয়া হ’ল, তাৰ হিচাপ বাজেটত দিয়া নাই।যাবতীয় নথিপত্ৰ জমা দিয়াৰ পিছতো ঘণ্টাতো বাদেই, দিনৰ পিছত দিন বেংকলৈ তাঁতবাতি কাঢ়ি কিমান ক্ষুদ্ৰ ব্যৱসায়ী নিৰাশ হ’ল, তাৰ হিচাপ কৰাৰহে এতিয়া সময়।

চৰকাৰে আগতে ঘোষণা কৰা স্মাৰ্ট চিটীৰ কি হ’ল ? কোনো খবৰ নাই।বাজেট মানে কি, কেৱল প্ৰতিশ্ৰুতি আৰু পৰিকল্পনাতে সীমাবদ্ধ ? ৰূপায়ণৰ কোনো দৰকাৰ নাই ? যদি আছে, তেন্তে আগৰ প্ৰতিশ্ৰুতিবোৰ ঘোষিত সময়ত ৰূপায়িত নহ’ল কিয় ? আগৰ প্ৰতিশ্ৰুতিবোৰেই যিহেতু সময়মতে ৰূপায়িত নহ’ল, এতিয়াৰবোৰ হ’ব বুলি কোন সতে মানি লওঁ ?

লেখকৰ ফোন ঃ ৯৭০৬১৩৭৩৫৩