শেহতীয়া খবৰ
Home / আঞ্চলিক / গোৱালপাৰাত ১৫২ চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা

গোৱালপাৰাত ১৫২ চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা

আনিছুল জামান, গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ বেলতলাস্থিত থকা জি টি এছ খেলপথাৰত ১৫২ চি আৰ পি এফ বেটেলিয়েনৰ উদ্যোগত জিলা ভিত্তিত প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগীতাৰ আজি অন্তিমটো খেল অনুষ্ঠিত কৰা  হয়। আজিৰ উদ্ধোধনী খেলত অংশগ্ৰহন কৰে ভৈষখুলীৰ ফুটবল দলৰ খেলুৱৈ আৰু ভিমাজুলি ফুটবল দলে। দুয়ো দলৰ দলপতি ক্ৰমে  জিতু ৰাভা আৰু অৰবিন্দ ৰাভাৰ  সৈতে সমূহ খেলুৱৈ সকলৰ উদ্দেশ্যি চি আৰ পি এফ কমাণ্ডেন্ট মিথিলেশ কুমাৰে ক্ৰীড়া সম্পৰ্কে সাৱলীল ভাষণ প্ৰদান কৰে।
সেনাবাহিনী আৰু সাধাৰণ জনতাৰ লগতে ক্ৰীড়াপ্ৰেমী সকলৰ লগত সহৃদয়তা গঢ়ি তুলিবলৈ সদ্ভাৱনা দিৱসৰ জড়িয়তে চি আৰ পি এফ বাহিনীয়ে মাজে সময়ে বহু সামাজিক দায়বদ্ধতাৰ কাম কৰাৰ লগতে এনে ধৰণৰ খেলৰ আয়োজন কৰাত ৰাইজ উৎফুল্লিত হয়। আজিৰ ফাইনেল  খেলখনত ভিমাজুলি ফুটবল দলে ভৈষখুলী ফুটবল ক্লাৱক ২-১ গলত পৰাস্ত কৰে। আজিৰ ফাইনাল খেলখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে নৱ-নিযুক্ত জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই খেলুৱৈ সকলক বঁটা বিতৰণ কৰে।