শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ২০ টকাৰ মুদ্ৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ২০ টকাৰ মুদ্ৰা

ডিজিটেল সংবাদঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে ২০ টকীয়া মুদ্ৰা মুকলি কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আজি ২০ টকাৰ নতুন মুদ্ৰাৰ উপৰি দুটকা, পাঁচটকা, দহটকাৰ নতুন মুদ্ৰাও মুকলি কৰে৷ এই মুদ্ৰা প্ৰতিবন্ধীসকলৰ বাবে বিশেষভাৱে উপলবদ্ধ হ’ব৷ অন্ধ তথা প্ৰতিবন্ধীসকলে এই মুদ্ৰা সহজে চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে৷ এই মুদ্ৰা ২৭ মিঃমিঃ আকাৰৰ৷ সম্প্ৰতি ২০ টকীয়া মুদ্ৰাৰ কাষত কোনো নিচান নাথাকিব৷ মুদ্ৰাৰ বাহিৰৰ ফালৰ বৃত্ত ৬৫ শতাংশ কপাৰ, ১৫ শতাংশ জিংক আৰু ২০ শতাংশ নিকলৰ হোৱাৰ বিপৰীতে ভিতৰৰ ফালৰ ডিস্কত ৭৫ শতাংশ কপাৰ, ২০ শতাংশ জিংক আৰু ৫ শতাংশ নিকেল থাকিব৷ মুদ্ৰাৰ সন্মুখ ভাগত অশোক স্তম্ভৰ নিচান অংকিত থাকিব আৰু তলত ‘সত্যমেৱ জয়তে’ লিখা থাকিব৷ বাওঁফালৰ অংশত ‘ভাৰত’ আৰু সোঁফালৰ অংশত ‘ইণ্ডিয়া’ অংকিত থাকিব৷ পিছফালৰ অংশত মূল্য ‘২০’ অংকিত থকিব৷