শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / নাৰী মুক্তি আন্দোলন আৰু আন্তৰ্জাতিক নাৰী দিৱস

নাৰী মুক্তি আন্দোলন আৰু আন্তৰ্জাতিক নাৰী দিৱস

সমগ্র বিশ্বজুৰি বিভিন্ন সময়ত বিক্ষিপ্ত ৰূপত ধর্ষণ, গার্হস্থ্য হিংসা আৰুভিন্ন ৰূপৰ হিংসাৰ বলি হৈ আহিছে নাৰী। সেয়ে নাৰী মুক্তি প্রসংগটোৱে আন্তর্জাতিকৰূপতবহুল চর্চা লাভ কৰিছে। নাৰী সমাজে দেশে দেশে সকলাে ধৰণৰ হিংসা আৰু বৈষম্যৰ অৱসান ঘটাবলৈ সংগঠিত ৰূপত কৰা আন্দোলনে ভিন্ন প্রান্তৰ নাৰী অধিকাৰ কর্মীসকল একত্রিত হােৱাৰ পৰিৱেশ ৰচনা কৰিলে। নাৰী অধিকাৰ কৰ্মীসকলে ১৯৮১ চনৰ পৰা ২৫ নৱেম্বৰ দিনটো নাৰীৰ বিৰুদ্ধে হােৱা হিংসাৰ অৱসানৰ আন্তর্জাতিক দিন (International Day for the elimination of violance againast women) হিচাপে পালন কৰি আহিছে। নাৰী মুক্তি প্ৰসংগটোক এক বিশ্বজোৰা মর্যাদা দিয়াৰ লগতে নাৰীৰ বিৰুদ্ধে সংঘটিত হিংসা, বৈষ্যম্যৰ অৱসান ঘটোৱাৰ অভিযানত প্ৰতিখন দেশক অন্তর্ভুক্ত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘয়াে ২৫ নৱেম্বৰৰ দিনটোক বিভিন্ন দেশৰ চৰকাৰ, এন জি অ’ আৰু আন্তর্জাতিক সংস্থাক নিমন্ত্রণ কৰি পৰিকল্পনা যুগুত কৰে। একেদৰে প্রতিবছৰৰ আঠ মার্চ দিনটো আন্তর্জাতিকনাৰী দিৱস (International Women’s Day) হিচাপে পালিত হৈ আহিছে। এই দিনটো নাৰীৰ প্রতি সন্মান, প্ৰেৰণা আৰু স্নেহ প্রদর্শনৰ লগতে নাৰীৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক প্রাপ্তিৰ ওপৰত আলােকপাত কৰি উদ্যাপন কৰা হয়। এই আন্তর্জাতিক নাৰী দিৱসক কেন্দ্ৰ কৰি ৰাষ্ট্ৰসংঘই ৰাজনৈতিক আৰু মানবাধিকাৰ বিষয়ক এলানি নীতি প্রস্তুত কৰি দিছে। আমেৰিকাৰ ছ’চিয়েলিষ্ট পার্টীয়ে কৰা এক ঘােষণাৰ পাছত ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত পােন প্রথমবাৰ তাত ‘নেচনেল ৱমেনছ ডে’ পালন কৰা হৈছিল। ১৯১০ চনৰ আগষ্টত আন্তর্জাতিক নাৰী সন্মিলন (International Women’s Conference) গঠন কৰা হয় আৰু কোপেনহেগেনত অনুষ্ঠিত ছ’চিয়েলিষ্ট পার্টীৰ দ্বিতীয় আন্তর্জাতিক সাধাৰণ সভাত এই সন্মিলনে অনুমােদন লাভ কৰে। আমেৰিকাৰ ছ’চিয়েলিষ্টসকলৰ দ্বাৰা অনুপ্রাণিত হৈ জার্মান ছ’চিয়েলিষ্ট লুই জিয়েজে সেই সন্মিলনতে প্রতিবছৰে এক আন্তর্জাতিক নাৰী দিৱস পালনৰ প্ৰস্তাৱ দাঙি ধৰে। অৱশ্যে তেতিয়া কোনাে এটা নির্দিষ্ট দিন ধার্য কৰা হােৱা নাছিল। সােতৰখন দেশৰ এক মহিলা প্রতিনিধিয়ে ভাগ লােৱা সেই সন্মিলনতে নাৰীৰ ভােটাধিকাৰকে ধৰি পুৰুষৰ সৈতে সমান অধিকাৰ পাবলৈ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰা হয়। ১৯১১ চনৰ ১৮ মার্চত অষ্ট্রিয়া, ডেনমার্ক, ছুইজাৰলেণ্ড আৰু জার্মানীত প্রথমবাৰৰ বাবে আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়। সেইদিনা ভিয়েনাত পেৰিছকমিউনৰ শ্বহীদসকলৰ প্রতি সম্মান জনাই বৃহৎসংখ্যক মহিলাই এক পেৰেডত অংশ লয়। তেওঁলােকে মহিলাৰ বাবে ভােটাধিকাৰ আৰু চৰকাৰী চাকৰি কৰাৰ অধিকাৰ দাবী কৰে।নিয়ােগৰ ক্ষেত্ৰত থকা লিংগ-বৈষম্যৰ বিৰুদ্ধে মহিলাসকলে প্রতিবাদ কৰে।

নাৰীৰ নেতৃত্বত যুগান্তকাৰী অভ্যুত্থান

বিশ্বৰ বিভিন্ন প্রান্তৰ নাৰী মুক্তি আন্দোলনে যুগান্তকাৰী ইতিহাস ৰচনা কৰি গৈছে। নাৰীৰ নেতৃত্বত হােৱা বিভিন্ন অভ্যুত্থানে সমাজৰ গতিধাৰাই সলনি কৰি দিয়াৰ নজিৰ ইতিহাসৰ পাতত বিদ্যমান। খাদ্য আন্দোলন, ফৰাচী বিপ্লৱৰ পৰা ৰুছ বিপ্লৱলৈকে প্রতিবাদী নাৰীয়ে গ্রহণ কৰা নেতৃত্বৰ জৰিয়তে নাৰী মুক্তি আন্দোলন। ব্যাপকতা পৰিলক্ষিত হৈছে।

খাদ্য আন্দোলনঃ

নাৰীসকলে তেওঁলােকৰ নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ প্রয়ােজনীয় খাদ্য নিশ্চিত কৰাৰ দাবীত একাধিক দেশৰ ওঠৰশ শতিকাত এলানি আন্দোলন সংগঠিত কৰিছিল। বিভিন্ন দেশৰ মাজত বজাৰ সম্পৰ্ক প্ৰসাৰিত হােৱাৰ লগে লগে সামন্ততন্ত্র পতনমুখী হ’বলৈ ধৰে আৰু পিতৃতান্ত্রিক নিয়ন্ত্রণ প্রকট হৈ পৰে। তেতিয়াই খাদ্য আন্দোলনৰ জৰিয়তে প্রতিবাদীনাৰীয়ে পিতৃতন্ত্রৰ পুৰণিকলীয়া ভেটিটোত প্রচণ্ডভাৱে আঘাত হানে। আয়াৰলেণ্ড, বেলজিয়াম, হলেণ্ড আৰু জার্মানীতাে খাদ্য আন্দোলন বিলাকত মহিলাই পুৰুষৰ সৈতে অংশ লৈছিল। আনকি খাদ্যৰ দাবীত হােৱা বহু অভ্যুত্থান মহিলাই আৰম্ভ কৰিছিল। আমেৰিকান ৰিভলুচনৰ সময়তাে নাৰীৰ এলানি খাদ্য আন্দোলন সংগঠিত কৰিছিল। ১৭৮৯ চনৰ অক্টোবৰত ফ্রান্সৰ বজাৰ সমাৰবিলাকত মহিলাসকলে খাদ্য আন্দোলন সংগঠিত কৰিছিল। French Food Riot হিচাপে খ্যাত এই আন্দোলন সংঘটিত আছিল The Women’s March on Versailles। পেৰিছৰ বজাৰ-সমাৰ কৰা মহিলাসকলে পুৰুষক ‘Cowards’ আখ্যা দিয়াৰ লগতে ‘We will take over’ বুলি ঘােষণা কৰিছিল। ইফালে মহিলাৰ এটা বৃহৎ প্রতিবাদী সমদল আছেইলিছলৈ আগবাঢ়ি আৰু তেওঁলােকৰ ৰজাক পেৰিছলৈ উভতি যাবলৈ বাধ্য কৰিছিল। তিনি বছৰৰ পাছত প্রতিবাদী মহিলাসকলে পুনৰ এক অভুত্থানৰ জৰিয়তে ৰাজতন্ত্রৰ পতন অৱধাৰিত কৰি তােলে।

প্রথম বিশ্বযুদ্ধ আৰু ৰুছ বিপ্লৱঃ

প্রথম বিশ্বযুদ্ধৰ সময়ত জার্মানী, ৰাছিয়া, ইটালী আদি দেশতমহিলাৰ নেতৃত্বত বৃহৎ সংখ্যক খাদ্য আন্দোলন সংঘটিত হয়। ইপিনে ভােটদানৰ অধিকাৰ বিচাৰি চলা নাৰী আন্দোলনে ব্রিটেইনত হিংসাত্মক ৰূপ লয়। প্রতিবাদকাৰীয়ে ঠায়ে ঠায়ে ঘৰ জ্বলােৱাৰ উপৰি ব্যাপক হাৰত খিৰিকী ভঙাৰ অভিযান চলাইছিল। সংসদ আৰু বার্কিংহাম পেলেচতােনাৰীৰ ভােটাধিকাৰৰ বিষয়টোক লৈ ধুমুহাৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল। ১৯১৪ চনত এই আন্দোলনৰ শাম কাটে। ইফালে ৰাছিয়াত মার্ক্সবাদীসকলে খাদ্য আন্দোলনসমূহৰ বিৰুদ্ধে সকীয়নি দিছিল যদিও স্বয়ং কার্লমার্ক্সে ই বিলাকৰ ন্যায্যতা মানি লৈছিল। তেওঁ কৈছিল- ‘Great social revolutions are impossible without the feminire ferment’৷ ১৯১৭ চনত পেট্র’গ্রেডৰ মহিলা কর্মীসকলে ৮ মার্চৰ আন্তর্জাতিক নাৰী দিৱসত এক সাধাৰণ ধর্মঘট কৰিব লাগে। বুলি এটা ধাৰণা বিয়পাই দিয়ে। সেইদিনা শ শ মহিলা কর্মীয়ে কাৰখানাৰ খিৰিকীবিলাকলৈ শিল আৰু বৰফৰ টুকুৰা দলিওৱাৰ উপৰি আৰক্ষী থানা বিলাকতাে আক্ৰমণ কৰিছিল। মহিলা কর্মীসকলে তেওঁলােকৰ সহকর্মী পুৰুষসকলকো কাৰখানাৰ পৰা টানি-আঁজুৰি ৰাজপথৰ প্রতিবাদী মিছিলৰ মাজলৈ লৈ আহিছিল। নাৰী আন্দোলনৰ তীব্ৰতাৰ সন্মুখত তিষ্ঠিব নােৱাৰি পাঁচদিনৰ ভিতৰতে শতিকা পুৰণি জাৰিষ্ট ৰাজশাসনৰ পতন হৈছিল।

নাৰীৰ নাগৰিক অধিকাৰঃ

নাৰীৰ নাগৰিক অধিকাৰক লৈ আমেৰিকাত ১৯৬০ৰ দশকত এলানি আন্দোলন সংগঠিত হৈছিল, যি সমগ্র বিশ্বৰ নাৰী অধিকাৰ কর্মসকলক উদ্ধুদ্ধ কৰি তুলিছিল। সেই সময়ত যুৱতীসকলে পিতৃতান্ত্রিক পৰিয়াল ব্যৱস্থা আৰু লিংগ-বৈষম্য বা অৱদমন সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি ইবিলাকৰ বিৰুদ্ধে প্রবল বিদ্রোহত ভাগ লৈছিল। ১৯৭০ আৰু ১৯৮০ৰ দশকবিলাকতাে শ্রমিক-কর্মচাৰীৰ বিভিন্ন সংগ্রামক লৈ নাৰীয়ে নিজৰ অধিকাৰ সাব্যস্তকৰণৰ সংগ্ৰামখন জোৰদাৰ কৰাৰ চেষ্টা চলাইছিল। নাৰী অধিকাৰ কর্মীসকলে বিশ্বজুৰি গঢ়ি তােলা নাৰী মুক্তি আন্দোলনৰ পৰিপ্ৰেক্ষিততে ৮ মার্চ দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে স্বীকৃত হ’ল। ৰুছ মহিলাসকলে তেওঁলােকৰ এই আন্তর্জাতিক নাৰী দিৱস পােনপ্ৰথমে পালন কৰিছিল ১৯১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰত। সেই সময়ত ৰাছিয়াত জুলিয়ান কেলেণ্ডাৰ প্ৰচলিত আছিল। ১৯১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে ছেইণ্ট পিটাছবাগত এলানি কার্যসূচী ৰূপায়ণ কৰা হয়। সেই কাৰ্যসূচীত ঐতিহাসিক | ফেব্ৰুৱাৰী বিপ্লৱৰ সূচনা কৰিছিল। ছেইণ্ট | পিটাছবার্গত অনুষ্ঠিত আন্তর্জাতিক নাৰী দিৱসৰ দিনটো গ্রেগৰিয়ান কেলেণ্ডাৰ মতে পৰিছিল ৮ মার্চত।

১৯১৭ৰ ছােভিয়েট বিপ্লৱৰ পাছত ৰাছিয়াত এই ৮ মার্চ দিনটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে চৰকাৰীভাৱে গ্ৰহণ কৰাৰ পাছত এই দিৱসটো সমাজ বাদী ৰাষ্ট্রসমূহে  বিস্তৃতভাৱে পালন কৰিবলৈ লয়। চীনত এই দিৱস ১৯২২ চনৰ পৰা আৰু স্পেনিছ কমিউনিষ্টসকলে ১৯৩৬ চনৰ পৰাই পালন কৰি আহিছে। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াৰ সদস্য ৰাষ্ট্রসমূহক ৮ মার্চ দিনটো মহিলা অধিকাৰ আৰু আন্তর্জাতিক শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ দিন হিচাপে পালন কৰিবলৈ আহবান জনায়। তাৰ পাছৰে পৰা পশ্চিমীয়া দেশসমূহতাে এই দিৱস জনপ্রিয় হ’বলৈ ধৰে। সম্প্রতি আফগানিস্তান, আর্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, বুর্কিনা ফাছাে, কম্বােডিয়া, চীন, কিউবা, জর্জিয়া, গিনি বিছাও, এট্ৰিী, কাজাখস্তান, কির্গিস্তান, লাওছ, মেচিডােনিয়া, মাডাগাস্কাৰ, মলডােভা, মংগােলিয়া, মন্টেনিগ্রো, নেপাল, ৰাছিয়া, তাজিকিস্তান, তুর্কমেনিস্তান, উগাণ্ডা, ইউক্রেইন, উজবেকিস্তান, ভিয়েটনাম আৰু জাম্বিয়াত এই দিৱসটো চৰকাৰী বন্ধৰ দিন। আন কেতবােৰ দেশত ই চৰকাৰী বন্ধৰ দিন নহয় যদিও ইয়াক বিস্তৃতভাৱে পালন কৰা হয়।