শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / সামাজিক দায়বদ্ধতা আৰু নৱপ্ৰজন্ম

সামাজিক দায়বদ্ধতা আৰু নৱপ্ৰজন্ম

মাতৃগৰ্ভত এটা ভ্ৰূণে স্থিতি লোৱাৰ পৰা মানৱ দেহৰ পৰিপূৰ্ণ গঠনৰ পিছত ভূমিষ্ঠ হোৱাৰ এই সুদীৰ্ঘ প্ৰক্ৰিয়াটোত মাতৃৰ ত্যাগ আৰু কষ্ট জড়িত থাকে। তাৰ পাছতহে দেউতাকৰ ভূমিকা থাকে।  এটা সন্তান জন্ম হোৱাৰ পাছত পৰ্যায়ক্ৰমে সি শিশু, কৈশোৰ, যৌৱন আৰু পৌঢ়ত্ব অৱস্থাত উপনীত হয়। সন্তানটোৰ ওপৰত পিতৃ-মাতৃ দুয়োজনৰে সমান অধিকাৰ থাকে। দুয়োজনৰে কৰ্তব্য থাকে সন্তানক ডাঙৰ-দীঘল কৰা, পঢ়া-শুনা কৰা, নৈতিক জ্ঞান দিয়া, সামাজিক দায়বদ্ধতা শিকোৱা আৰু সুনাগৰিক হিচাবে গঢ়ি তুলিবলৈ। নিজৰ ঘৰখনেই হৈছে প্ৰধান আৰু প্ৰথম পাঠশালা, য’ত সন্তানে জীৱনৰ  আদিপাঠ অ-আ, ক-খ শিকিব পাৰে। নিজৰ ঘৰতে পিতৃ-মাতৃয়ে সন্তানৰ নৈতিক চৰিত্ৰ গঠন কৰি দিব লাগিব। সৎ, চৰিত্ৰৱান, বিদ্বান, গুণী-জ্ঞানী আৰু দেশৰ সুনাগৰিক হ’বলৈ শিকাব লাগিব। লগতে শিকাব লাগিব নিজৰ শিক্ষাগুৰুক শ্ৰদ্ধা-ভক্তি কৰিবলৈ, জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে আৰু নিঃস্বজনক কেনেকৈ সহায়ৰ হাত আগবঢ়াব লাগে।

আজিৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত মানুহে সভ্যতাৰ উচ্চ শিখৰত অৱতৰণ কৰিছে। বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ মানুহে নিগনি-দৌৰৰ প্ৰতিযোগিতাত ভাগ লৈছে। বৰ্তমান যুগত প্ৰযুক্তিবিদ্যাই কাৰিকৰী দিশত বা জ্ঞানৰ পৰিধি যিমান বঢ়াইছে কিছু ক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত বিশেষকৈ নৱপ্ৰজন্মৰ নৈতিক স্খলন ঘটিছে।

সামাজিক দায়বদ্ধতা বুলিলে আমি কি বুজাব খুজিছো· আমি কোনবোৰ নৱপ্ৰজন্মৰ হাতত আমাৰ সমাজখনৰ দায়িত্ব এৰি দিব বিচাৰিছো· এইবোৰ প্ৰশ্নৰ উত্তৰ কোনো সচেতন নাগৰিকে দিব পাৰিবনে· যুৱ উচ্ছৃংখলতাই এতিয়া আমাক উদ্বিগ্ন কৰি তুলিছে। এতিয়া সমাজ-ব্যৱস্থাৰ গৰাখহনীয়া হৈছে আৰু মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে। সভ্যতা-সংস্কৃতি যেন এতিয়া অমানুহৰ পণবন্দী হৈছে।

সকলো পিতৃ-মাতৃ তথা সচেতন অভিভাৱকে শিকাব লাগিব নিজৰ সন্তানক একো একোজন দেশৰ সুনাগৰিক হ’বলৈ। যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ওলায়, তেতিয়া ল’ৰা-ছোৱালীবোৰক প্ৰশ্ন  সোধা যায় যে তুমি ভৱিষ্যতে কি হ’বা বা কি পঢ়িবা। তেতিয়া তেওঁলোকে উত্তৰ দিয়ে যে মই ডাক্তৰ হ’ম, মই ইঞ্জিনিয়াৰ হ’ম ইত্যাদি ইত্যাদি। কিন্তু কোনো এজন শিক্ষাৰ্থীয়ে তেতিয়া নকয় যে মই এজন দেশৰ নেতা হ’ম। নৱপ্ৰজন্মৰ মাজত দেশখনৰ বা সমাজখনৰ উন্নতি কৰাৰ মানসিকতাই হেৰুৱাই পেলাইছে। এজন সুনাগৰিক হৈ দেশৰ নেতৃত্ব ল’বলৈ কোনো আগবাঢ়ি নাহে। এইসকল নৱপ্ৰজন্মই দেশৰ উন্নতিৰ কথা চিন্তা নকৰিলে কোনে কৰিব· তেওঁলোকৰ কোনো সামাজিক দায়িত্ববোধ নাই নেকি·

অন্যহাতেদি আমি দেখিবলৈ পাওঁ যে তৃতীয় বিভাগত পাছ কৰা অসমীয়া স্কুলত পঢ়া ল’ৰা-ছোৱালীয়েহে পাছত গৈ দেশ শাসনৰ  বা দেশক নেতৃত্ব দিয়াৰ ভাৰ লয়গৈ। প্ৰথম বিভাগত বা ডিষ্টিংচন লৈ পাছ কৰা ল’ৰা-ছোৱালীয়ে পাছত গৈ দুৰ্নীতিত লিপ্ত হৈ অগাধ সম্পত্তিৰ পাহাৰ গঢ়ে। এইখিনিতে অৱশ্যে ভাষাৰ মাধ্যমৰ কথাও ক’ব লাগিব। ইংৰাজী স্কুলত পঢ়া ল’ৰা-ছোৱালীতকৈ অসমীয়া মাধ্যমৰ ল’ৰা-ছোৱালীৰ জাতীয় চেতনা, দেশৰ প্ৰতি প্ৰেম, সামাজিক দায়িত্ববোধ বেছি থাকে। এই জাতীয়তাবোধ তেওঁলোকৰ তেজত প্ৰবাহিত হৈ থাকে। সেইকাৰণে হয়তো জন্ম হৈছে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নিচিনা প্ৰতিবাদী আৰু প্ৰগতিশীল একো একোখন মঞ্চৰ। নৱপ্ৰজন্মৰ মাজত দেখা দিয়া এটা ডাঙৰ সমস্যা হৈছে ভাষা-বিভ্ৰাট। অসমৰ সুৱদি আৰু শুৱলা অসমীয়া ভাষাটোৰ মান-মৰ্যাদা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। হেমকোষ অভিধানত নথকা বেসুৰীয়া, অৰ্থহীন আৰু ব্যাকৰণৰ অশুদ্ধ প্ৰয়োগহে দেখিবলৈ পোৱা যায়। নিজৰ মাতৃভাষাটো সুন্দৰকৈ ক’ব আৰু লিখিবলৈ জানিব লাগে। নহ’লে এনেকৈ এদিন নিজৰ শিপাডালকে হেৰাই যাব। কেৱল ভাষাটোৱে নহয়, এতিয়া নৱপ্ৰজন্মৰ মাজত সাজ-পোছাকৰ পশ্চিমীয়া সংস্কৃতিৰ গড্ডালিকা প্ৰবাহত উটি-ভাহি ফুৰিছে। সেইকাৰণে নিজৰ পিতৃ-মাতৃ তথা অভিভাৱকে সৰুতেই ল’ৰা-ছোৱালীক মাৰ্জিত আৰু পৰিশীলিত ভাষা ক’বলৈ, পোছাক পৰিধান কৰিবলৈ শিকাব লাগে।

বৰ্তমান যুগত নৱপ্ৰজন্মই অসমৰ ডাঙৰ ডাঙৰ মনীষী, পণ্ডিতপ্ৰবৰ, লেখক-লেখিকা, সাহিত্যিককে আদি কৰি মহান পুৰুষসকলক চিনি নাপায়। অসমৰ বিদ্যায়তনিক মানচিত্ৰৰ পৰা এদিন মহান মনীষীসকল বাৰু হেৰাই যাব নেকি· সামাজিক দায়িত্ববোধ কোনে বুজি পাব, দেশখন আমি বাৰু কাৰ হাতত এৰি দিম ইত্যাদি নানা প্ৰশ্নই আমাৰ মন ভাৰাক্ৰান্ত কৰি তোলে।

সদৌ শেষত মই মোৰ বিবেক আৰু সীমিত জ্ঞানেৰে কওঁ যে নৱপ্ৰজন্মৰ প্ৰতি আমাৰ কৰণীয় বহুত আছে। তেওঁলোকৰ মাজত থকা যুৱ উচ্ছৃংখলতা পৰিহাৰ কৰিবলৈ শিকাব লাগিব। শিকাব লাগিব তেওঁলোকে ভৱিষ্যতে এজন ভাল দেশৰ নেতা হ’বলৈ, এজন সুনাগৰিক হ’বলৈ- যাতে তেওঁলোকে এখন সু-সমৃদ্ধিশালী, শান্তিপূৰ্ণ, শ্ৰেণীহীন সমাজ গঢ়িব পাৰে।

পিতৃ-মাতৃ, অভিভাৱক আৰু বিবেকৱান পুৰুষ-মহিলা সকলোৱে মিলি আমি নৱপ্ৰজন্মক অনুপ্ৰেৰণা দিব লাগিব। উদ্বুদ্ধ কৰিব লাগিব জাতীয় চেতনাবোধ জগাই তুলিবলৈ। প্ৰেৰণা দিব লাগিব সভ্যতা-সংস্কৃতিৰ প্ৰতি, কৰ্মসংস্কৃতিৰ প্ৰতি মনোযোগ দিবলৈ। জাতীয় চেতনাবোধেৰে জগাই তুলিব লাগিব জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি এখন দুৰ্নীতিমুক্ত নিকা সমাজ গঢ়াৰ বাবে।
( ফোন ঃ ৯৮৬৪০-৬৯৪৯০ )