শেহতীয়া খবৰ
Home / আঞ্চলিক / কংগ্ৰেছৰ সুতাৰ ৰাজনীতি বিজেপিৰ সোণৰ ৰাজনীতিঃ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ সুতাৰ ৰাজনীতি বিজেপিৰ সোণৰ ৰাজনীতিঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিখন ৰাজনৈতিক দল সক্ৰিয় হৈ উঠিছে। একেই উদ্দেশ্য আগত ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত “আকৌ এবাৰ মোদী চৰকাৰ” এক বিশাল জনসভাৰ আয়োজন কৰে স্থানীয় আই এন এ খেলপথাৰত। উক্ত সভাত উপস্থিত থাকে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী গোলোকগঞ্জ পূৱ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু অন্যান্য বিষয়ববীয়া সকল।
সম্বৰ্ধনা অনুষ্ঠানৰ পিছত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজ ভাষণত কয় যে কংগ্ৰেছ চৰকাৰে সুতাৰ ৰাজনীতি কৰিছিল আৰু বি জে পি চৰকাৰে সোণৰ ৰাজনীতি কৰি আছে। স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰে ৰাইজক অকল প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু তাক বাস্তবত পৰিণয় কৰিছে বি জে পি চৰকাৰে। বিভিন্ন উন্নয়নৰ কথা ব্যক্ত কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পাকিস্তানক সঠিক প্ৰত্যুত্তৰ দিয়াৰ কথাও দাঙি ধৰে। উক্ত সভাত প্ৰায় দহ হাজাৰ ৰাইজৰ উপস্থিতিত সভাখন এক পূৰ্ণাংগ ৰূপ ধাৰণ কৰে আৰু আগন্তুক লোকসভাৰ নিৰ্বাচনৰ ৰনডংকা ইয়াৰে পৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰে।