শেহতীয়া খবৰ
Home / আঞ্চলিক / তেজপুৰ লোকসভা সমষ্টিৰ পৰা হিমন্ত নালাগে নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচন খেলিলেও কংগ্ৰেছেই জিকিব

তেজপুৰ লোকসভা সমষ্টিৰ পৰা হিমন্ত নালাগে নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচন খেলিলেও কংগ্ৰেছেই জিকিব

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ ড° হিমন্ত বিশ্ব শৰ্মাটো বাদেই, খোদ নৰেন্দ্ৰ মোডীয়েও এই বাৰ নিৰ্বাচনত  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিলে জিকিব নোৱাৰে। এইবাৰ তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত। আজি বিশ্বনাথত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ এখন সভাত অলপতে কংগ্ৰেছ দলত যোগদান কৰা  এম জি ভি কে ভানুয়ে এই মন্তব্য কৰে। আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভানুৰ পৰিবৰ্তে টংক বাহাদুৰ ৰায়ক তেজপুৰৰ পৰা নিৰ্বাচন খেলাবলৈ কুজকাৱাজ চলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত  ভানুক তৰুণ গগৈয়ে বহুত ভাল পায় বুলি মন্তব্য কৰে।  গগৈয়ে ভানুক কিমান ভাল পায় সেয়া কোনো ব্যক্তিয়ে নাজানে। ভানুয়ে কয় তেখেতৰ লগত কাম কৰিছো মই ৷ মই তেখেতৰ মানুহ ৷ আনহাতে   অসমৰ  নিবনুৱাক কৰ্ম সংস্থাপনৰ কথা  কোৱা বৰ্তমানৰ বিজেপি চৰকাৰ খনে চাকৰিৰ নামত কি কেলেংকাৰী কৰিছে এতিয়া সকলোৱে দেখিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত   বৃহৎ কেলেংকাৰী হৈছে ৷ মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত চিবিআইৰ তদন্ত দাবী কৰিছো ৷ লাই ডিটেক্টৰৰ জড়িয়তে নৱ দলে আৰু মোক পৰীক্ষা কৰিলে ওলাই পৰিব কেলেংকাৰীত কোন জড়িত বুলি মন্তব্য কৰে ।