শেহতীয়া খবৰ
Home / আঞ্চলিক / কলহভাঙ্গা ইউনিয়ন বেংকৰ পৰা ভুৱা প্ৰলোভনৰে ৫০ হাজাৰ লুটিলে দালাল দেৱান কাশেমেঃ আৰক্ষী থানাত গোচৰ

কলহভাঙ্গা ইউনিয়ন বেংকৰ পৰা ভুৱা প্ৰলোভনৰে ৫০ হাজাৰ লুটিলে দালাল দেৱান কাশেমেঃ আৰক্ষী থানাত গোচৰ

ডিজিটেল সংবাদ,হাউলীঃ বৰপেটা জিলাৰ কলহভাঙ্গা ইউনিয়ন বেংকৰ দালাল এগৰাকীয়ে যশীহাটী গাঁৱৰ মুজাফৰ আলী দেৱানৰ নামত থকা একাউন্টৰ পৰা মিছা প্ৰলোভন দি ধন উলিয়াই আত্মসাৎ কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | জানিব পৰা মতে  বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত কলহভাঙ্গা ইউনিয়ন বেংকৰ দালাল তথা যশীহাটী গাঁৱৰ জনৈক দেৱান কাশেমে একেখন গাঁৱৰে সহজ-সৰল আৰু অতি দৰিদ্ৰ মুজাফৰ আলী দেৱানৰ ৪৮৫৩০২০১০০১১৬৪৯ নম্বৰৰ চেভিং একাউন্ট বহীত জৱ কাৰ্ড আৰু বৃদ্ধ পেঞ্চনৰ টকা জমা হোৱা বুলি কৈ দালাল জনে দেৱানক ফুচুলাই দুদিন বেংকত লৈ যায় |
যোৱা ফেব্ৰুৱাৰী মাহৰ ১৯ আৰু ২২ তাৰিখে মুজাফৰ আলী দেৱানৰ একাউন্টৰ পৰা কৌশলৰে জৱ কাৰ্ড আৰু বৃদ্ধ পেঞ্চনৰ টকা উলিওৱাৰ ছলনাৰে দালাল দেৱান কাশেমে উড্ৰেল ফৰ্মত চহী লৈ ২৫ হাজাৰকৈ দুটা কিস্তিত গোপনে মুঠ ৫০ হাজাৰ টকা উলিয়ায় আনি একাউন্ট হোল্ডাৰ মুজাফৰ আলী দেৱানৰ হাতত  সৰ্বমুঠ ৩৫০০ টকা দি বাকী টকা আত্মসাৎ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গৰাকীয়ে | ঘটনাটো সন্দৰ্ভত  কলহভাঙ্গাত থকা ইউনিয়ন বেংকৰ দালাল যশীহাটী গাঁৱৰ দেৱান কাশেমৰ বিৰুদ্ধে  বৰপেটাৰোড আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে | আৰক্ষীয়ে ইয়াৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷