শেহতীয়া খবৰ
Home / আঞ্চলিক / পুলৱামা কাণ্ডৰ এমাহঃ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত চিআৰপিএফৰ বিশেষ শ্ৰদ্ধাঞ্জলী

পুলৱামা কাণ্ডৰ এমাহঃ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত চিআৰপিএফৰ বিশেষ শ্ৰদ্ধাঞ্জলী

আৰিফ আহমেদ, তামুলপুৰঃ জম্মু কাশ্মীৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আজি পৰিপূৰ্ণ হ’ল এমাহ। সেই উপলক্ষ্য তামুলপুৰস্থীত কলবাৰী বাসগৃহত বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ স্মৃতিত চি আৰ পি এফ বাহিনীয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। পুৱাৰ ভাগত সম্পূৰ্ণ বাথৌ ৰীতি-নীতিৰে শ্ৰদ্বাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাথৌ আৰজৰে শ্বহীদ গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে তেওঁৰ  গুণমুগ্ধই। পুষ্পাঞ্জলি অৰ্পনৰ সময়ত শ্বহীদ গৰাকীৰ পত্নী, কন্যা, পুত্ৰ সহিহতে আত্মীয়স্বজন আৰু গুণমুগ্ধ সকলে উচপি উঠে। শ্ৰদ্বাঞ্জলি অনুষ্ঠান চি আৰ পি এফ বাহিনীৰ উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলংস্থীত মুখ্য কাৰ্যালয়ৰ আই জি, প্ৰকাশ ডি. সহ কেইবাগৰাকীও চি আৰ পি এফ বাহিনীৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকি শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলী যাচে৷
আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰৰ লগতে পুলৱামাৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া অন্য বীৰ শ্বহীদ সকলকো শ্ৰদ্ধাৰে স্মৰণ কৰে। বিষয়া গৰাকীয়ে অনাগত দিনত শ্বহীদ পৰিয়ালটোক সকলো প্ৰকাৰে সহায় সহযোগ কৰাৰ বাবেও চি আৰ পি এফ বাহিনী দ্বায়বদ্ধ থাকিব বুলিও সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্ততঃ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পত্নীয়ে চি আৰ পি এফ বাহিনীৰ যি সহায় সহযোগ তাক সন্তুষ্টি লাভ কৰে আৰু চি আৰ পি এফ বাহিনীক ধন্যবাদ জ্ঞাপন কৰে।  শ্বহীদ বসুমতাৰীৰ  কন্যা সন্তান দিদৈমশ্ৰী বসুমতাৰীও চি আৰ পি এফ বাহিনীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰে পৰিয়ালটোক চলাৰ বাবে পৰ্য্যটন বিভাগত নিযুক্তি দিয়া কাৰ্য্যক ধন্যবাদ জ্ঞাপন কৰে।