শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত পেট্ৰ’ল ডিপোত ‘ন’ হেলমেট ন’ পেট্ৰ’ল’ বেনাৰ আঁৰিবলৈ জিলা উপায়ুক্তৰ নিৰ্দেশ

বঙাইগাঁৱত পেট্ৰ’ল ডিপোত ‘ন’ হেলমেট ন’ পেট্ৰ’ল’ বেনাৰ আঁৰিবলৈ জিলা উপায়ুক্তৰ নিৰ্দেশ

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও সদৰ মহকুমাত থকা সকলো পেট্ৰ’ল ডিপোৰ ডীলাৰকে ডিপোৰ সন্মুখত ‘ন’ হেলমেট ন’ পেট্ৰ’ল’ লিখা বেনাৰ আঁৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা মতে এতিয়াৰে পৰা সকলো ডীলাৰে নিজৰ পেট্ৰ’ল ডিপোৰ সন্মুখত ন’ হেলমেট ন’ পেট্ৰ’ল বুলি বেনাৰ আঁৰিব লাগিব। উল্লেখ্য যে, উপযুক্ত ডিজাইনৰ হেলমেট নিপিন্ধা বাইক আৰোহীক পেট্ৰ’ল নিদিবলৈ ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে। ইপিনে ডীলাৰসকলে এই নিৰ্দেশ পোৱাৰ দুদিনৰ ভিতৰতে নিৰ্দেশ পালন কৰা বুলি বঙাইগাঁওস্থিত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ কাৰ্যালয়ত জনাব লাগিব। এই নিৰ্দেশ অমান্য কৰিলে পেট্ৰ’ল ডিপোৰ ডীলাৰৰ অনুজ্ঞা পত্ৰ তৎকালীনভাবে  নিলম্বন বা বাতিল কৰা হ’ব বুলিও নিৰ্দেশনাটোত জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰিছে ৷