শেহতীয়া খবৰ
Home / আঞ্চলিক / কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাষ্ট্ৰীয় হস্ততাঁত বস্তমেলা

কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাষ্ট্ৰীয় হস্ততাঁত বস্তমেলা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰত আজিৰে পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা, ২০১৮-১৯ ৷ ব্ৰাফেডৰ উদ্যোগত তথা কেন্দ্ৰীয় হস্ততাঁত বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত চৈধ্য দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাখনত বিটিচি, অসম তথা উত্তৰ পুূৰ্বাঞ্চলৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ ৫০ খনৰো অধিক বিপনী-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা খনৰ আজি বিয়লী বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷ উদ্বোধনী ভাষনত গয়াৰীয়ে বড়োভূমিৰ শিপিনী সকলে কাপোৰ বোৱা কটাৰ  দিশত দক্ষতাৰ বিকাশ গঢ় দিয়াৰ লগতে মহিলা সকলক পুৰুষৰ সমানে ফেৰ মাৰি আগবাঢ়ি যোৱাৰ আহ্বান জনায় ৷
ইয়াৰ পূৰ্বে আদৰণী ভাষন পাঠ কৰি ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এন ৰানা পাটগিৰিয়ে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাত ৰাজ্যখনৰ লগতে দেশৰ হাৰিয়ানা, ৰাজস্থান, উত্তৰপ্ৰদেশ, চত্তিছগড়, জন্মু-কাশ্মীৰ, পাঞ্জাবকে ধৰি বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ লোৱা বুলি সদৰী কৰি মেলাখনত কমেও এক কোটি আশী লাখ টকা বিক্ৰী হ’ব বুলি আশা ব্যক্ত কৰে ৷ সভাত পাটগিৰিয়ে বড়োভূমিৰ গাঁওে ভূঞে থকা শিপিনী সকলক উৎপাদিত তাঁতশালৰ কাপোৰৰে বিশ্বৰ বজাৰ দখল কৰা আহ্বান দিয়ে ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ সচিব প্ৰধান বিৰেন চন্দ্ৰ ফুকন, বিটিচিৰ হস্ততাঁত বস্ত্ৰবিভাগৰ চি এইচ ডি দিবাকৰ গোস্বামী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীৰ উপৰি কলকাতাৰ প্ৰখ্যাত এংকৰ তথা কমেডিয়ান শ্ৰী ৰাজ সাগৰ আৰু মিচ সুৰভি উপস্থিত থাকে ৷