শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষি ভূমিত শিল ভঙা উদ্যোগ স্থাপনৰ বিৰোধীতাৰে কৃষক মুক্তিৰ আন্দোলন

কৃষি ভূমিত শিল ভঙা উদ্যোগ স্থাপনৰ বিৰোধীতাৰে কৃষক মুক্তিৰ আন্দোলন

সাজাহান আলী আহমেদ, বৰপেটাৰোডঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত আজি বৰপেটা জিলাৰ কাটাঝাৰ পাথাৰ আৰু দোমনীত কৃষি ভূমি বানিজ্য ভূমিলৈ ৰূপান্তৰ কৰি শিল ভঙা উদ্যোগ স্থাপন কৰাৰ বিৰুধিতাৰে কাটাঝাৰ পাথাৰত ২ ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ কৃষক মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইনে নেতৃত্ব লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যিকোনো মূল্যৰ বিনিময়ত কৃষিভূমি বানিজ্য ভূমিলৈ ৰূপান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে৷ বছৰ বছৰ ধৰি বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা লোকৰ অৱশিষ্ট ভূমিত শিল ভঙা উদ্যোগ স্থাপন কৰি কৃষকসকলক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰি এনে উদ্যোগে সমগ্ৰ অঞ্চলৰ পৰিৱেশ ভয়াবহ ভাবে প্ৰদূষিত কৰিব সেয়েহে যিকোনো পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচীৰ গ্ৰহণ কৰিবলৈ কৃষক মুক্তি প্ৰস্তুত বুলি নেতা গৰাকীয়ে কয়৷
উল্লেখ্য যে শিল ভঙা উদ্যোগ স্থাপন কৰিব বিচৰা ভূমিৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত কেইবাও চৰকাৰী শিক্ষানুষ্ঠান থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ অভিযোগ উত্থাপন কৰি কেইবাবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কোনো ফল নিদিয়াত আজি সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ শতাধিক স্থানীয় গঞা ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি দীপক দাস, কাৰ্যকৰী সভাপতি আনোৱাৰ হুছেইনে অংশ গ্ৰহণ কৰে৷ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়াই প্ৰতিবাদস্থলীত উপস্থিতত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে৷