শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ বৰঘৰৰ আলহী হ’ল অগপ নেতৃত্ব

বিজেপিৰ বৰঘৰৰ আলহী হ’ল অগপ নেতৃত্ব

কেবৰ প্ৰসংগক লৈ মৌন অতুল বৰা

কংগ্ৰেছক উৎখাতৰ উমৈহতীয়া সংকল্প অগপ-বিজেপিৰঃ আজি অমিত শ্বাহৰে অগপ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পুনৰ মিলন ঘটা অগপ-বিজেপিৰ মাজত যেন ব্যস্ততাৰ অন্ত নাই। আলহী আদৰাত ব্যস্ত হৈ পৰিছে বিজেপি-অগপৰ নেতৃবৰ্গ। কালি আমবাৰীৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ নেতা-কৰ্মীক অগপ নেতৃত্বই আদৰণি জনোৱাৰ পিছত আজি মিতিৰ খাবলৈ বাজপেয়ী ভৱনত উপস্থিত হ’ল অতুল বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দল। অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, কমলা কলিতা, সত্যব্ৰত কলিতাকে আদি কৰি এটা বৃহৎ দল বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আলহী হিচাপে প্ৰৱেশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অগপৰ প্ৰতিনিধি দলটোক বিজেপিৰ বৰঘৰত উষ্ম সম্ভাষণ জনোৱা হয়। দুয়োটা দলে কিছু সময় আলোচনা কৰাৰ অন্তত যৌথভাৱে এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে কালি আমবাৰীৰ অগপ কাৰ্যালয়ত বিজেপিৰ সৈতে নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত কেতবোৰ আলোচনা কৰা হৈছিল। কিছু কথা বাকী আছিল। সেইবাবে আজি বিজেপিৰ কাৰ্যালয়ত অগপৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰা হ’ল।মিত্ৰজোঁটে এইবেলি অসমৰ চৈধ্যখন আসনৰ ভিতৰত বাৰখন আসনেই দখল কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰি ৰঞ্জিত দাসে আৰু কয় যে অগপ-বিজেপি, বিপিএফ, তিৱা ঐক্যমঞ্চ, গণশক্তি আদিকে ধৰি মিত্ৰতাৰ বাৰ্তা দিয়াৰ বাবে ২৫,৮০০বুথ সমিতিত শীঘ্ৰেই অনুষ্ঠিত হ’ব সভা। উক্ত সভাৰ জৰিয়তে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী কৰাৰ ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধ হোৱাৰ আহবান জনাব। উক্ত সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই মন্তব্য কৰি কয় যে বিজেপিৰে মিত্ৰতা কোনো নতুন কথা নহয়। ২০০১, ’০৯ আৰু ’১৬ চনত বিজেপিৰ সৈতে অগপই মিত্ৰতা কৰিছিল। কংগ্ৰেছক উৎখাত কৰাৰ স্বাৰ্থত এই মিত্ৰতা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে দীঘলীয়া বছৰ ধৰি ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছৰ অপশাসনৰ বাবে ৰাইজে পৰিত্ৰাণ বিচাৰিছিল। মূল শত্ৰুক চিনাক্ত কৰি উলিওৱা হৈছে।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰাই মিত্ৰজোঁটৰ ঐক্যবদ্ধ সিদ্ধান্ত বুলি উল্লেখ কৰি অগপই উদাক্ত কণ্ঠেৰে ঘোষণ কৰে যে আকৌ এবাৰ মোদী চৰকাৰ। মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি প্ৰশংসাত পঞ্চমুখ হৈ পৰে অতুল বৰা। ২০১৪ চনত মোদী ক্ষমতালৈ অহাৰ পিছতেই বিকাশ আহিছে বুলি উল্লেখ কৰে যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা বিৰত থাকে অগপৰ সভাপতিগৰাকী। একপ্ৰকাৰ আজিৰ সংবাদমেলখনত ‘কেব’ সন্দৰ্ভত অগপৰ স্থিতি কি হ’ব সেয়া জানিব বিচাৰি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতি অতুল বৰাই বিষয়টোৰ পৰা ফালৰি কাটি হিমন্ত বিশ্ব শৰ্মালৈ বল ঠেলি দিয়ে। উক্ত যৌথ সংবাদমেলখনতেই অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তক কাষত বহুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাটো বিজেপিৰ ৰাষ্ট্ৰীয় এজেণ্ডা। বিজেপি উক্ত স্থিতিত অটল আছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলিও উল্লেখ কৰে যে অগপ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া কাইলৈ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত চূড়ান্ত কৰা হ’ব। একেদৰে ১৭ মাৰ্চত বিষয়টোৰ সন্দৰ্ভত অগপ নেতৃত্বৰ সৈতে অমিত শ্বাহ এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আটাইকেইটা মিত্ৰদলৰ সৈতে অমিত শ্বাহৰ বৈঠক অনুষ্ঠিত হ’ব। আজিৰ দিনটো এক শুভদিন বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই কয় যে চৈধ্যটা সমষ্টিতেই যৌথ ৰাজনৈতিক সভা অনুষ্ঠিত হ’ব। আগন্তুক লোকসভা নিৰ্বাচনত মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাটোৱে উমৈহতীয়া লক্ষ্য আৰু উদ্দেশ্য বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ পিছত ‘কেব’ সন্দৰ্ভত আলোচনা কৰি সমাধানৰ পথ উলিয়াব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।