শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমত জন্মলাভ কৰিব আঞ্চলিকাতবাদী ৰাজনৈতিক দল

অসমত জন্মলাভ কৰিব আঞ্চলিকাতবাদী ৰাজনৈতিক দল

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপ আত্মসমৰ্পনকাৰী-পৰজীৱী আঞ্চলিকতাবাদ দলঃ অদীপ ফুকন 

মহানগৰ প্ৰতিবেদকঃ অসমত নতুনকৈ জন্ম লাভ কৰিব আঞ্চলিকতাবাদ ৰাজনৈতিক দেল। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যৰে অসমত নতুনকৈ জন্ম লাভ কৰিব আঞ্চলিকতাবাদী ৰাজনৈতিক দেল। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থকে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থক বিমল প্ৰসাদ চৌধুৰী, অদীপ কুমাৰ ফুকন, অনুপ ফুকন, লাচিত বৰদলৈ, কৃষ্ণা শৰ্মা, মেহদী আলম বৰা আদিয়ে এই কথা ঘোষণা কৰে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ ৰাজনীতি পাহৰি ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়াৰ প্ৰতিবাদ স্বৰূপে নতুনকৈ অসমত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ জন্ম দিয়া হ’ব। আজিৰ সংবাদমেলত আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থক বিমল প্ৰসাদ চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি শ্বহীদ পৰিয়ালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি ওভোতাই দিছিল তেওঁলোকক প্ৰদান কৰা বঁটাসমূহ। শ্বহীদ পৰিয়ালে চৰকাৰক বঁটাসমূহ ওভোতাই দি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিও তেওঁলোকক অপমান কৰিলে অসম গণ পৰিষদে। অসম গণ পৰিষদে শ্বহীদ পৰিয়ালক অপমানিত কৰি পুনৰ বিজেপিৰে ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যৰে মিত্ৰতা গঢ়িলে। তেওঁ লগতে কয়- ক্ষমতালোভী স্বাৰ্থ উদঙাই দিলে অগপৰ তিনি শীৰ্ষনেতাই।

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে তেওঁলোকৰ ক্ষমতালোভী স্বাৰ্থক ৰাইজৰ আগত দাঙি ধৰিছে বুলিও কয় বিমল প্ৰসাদ চৌধুৰীয়ে। আনহাতে তেওঁ লগতে কয়- আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাটো বিচাৰো। বিজেপিক আগন্তুক লোকসভা নিৰ্বাচনত এশিকনি দিবলৈ অসমবাসী ৰাইজÍল আহবান জনাইছে বিমল প্ৰসাদ চৌধুৰীয়ে। তেওঁ কয়- বিজেপি আগন্তুক লোকসভা নিৰ্বাচনত পৰাজিত হোৱাটো বিচাৰো যদিও ৰাইজক কংগ্ৰেছক ভোটদান কৰিবলৈও আহবান নজনাওঁ। ইয়াৰ উপৰি কয়- প্ৰকৃত আঞ্চলিকতাবাদী শক্তি গঢ়ি তোলা হ’ব অসমত। অগপৰ তৃণমূল কৰ্মীয়ে তেওঁলোকৰ নেতাৰ অৱমাননা সহিও ত্যাগৰ মনোবলেৰে দলটো ধৰি ৰাখিছিল। শ্বহীদৰ ত্যাগক সন্মান জনাই তৃণমূল কৰ্মীয়ে অগপ দলটোক ধৰি ৰাখিছিল বুলিও উল্লেখ কৰি কয় যে এতিয়া সেই তৃণমূল কৰ্মীসকলকে অৱমাননা কৰিছে দলটোৰ ক্ষমতালোভী নেতাই। এতিয়া সেই ক্ষমতালোভী নেতাসকলক প্ৰত্যুত্তৰ দিয়াৰ আহবান জনাইছে তৃণমূল কৰ্মীলৈ বিমল প্ৰসাদ চৌধুৰীয়ে। আনহাতে আজিৰ সংবাদমেলত জ্যেষ্ঠ সাংবাদিক তথা আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থক অদীপ কুমাৰ ফুকনে কয় যে মোদী চৰকাৰে অসমৰ জাতীয়তাবাদী ধাৰা ধবংস কৰিবলৈ ওলাইছে। আঞ্চলিকতাবাদৰ ধাৰাটো কোনো প্ৰকাৰেই ধবংস হ’বলৈ দিয়া নহ’ব বুলিও সংবাদমেলযোগে ঘোষণা কৰে অদীপ ফুকনে। তেওঁ কয়- নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰিব বিচৰা চৰকাৰক যাতে দিল্লীৰ শাসনৰ বাঘজৰী ল’বলৈ দিয়া নহয় তাৰ বাবে অসমবাসী ঐক্যবদ্ধ হ’ব লাগিব বুলিও উল্লেখ কৰে। তেওঁ কয়- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰিত্ব ত্যাগ কৰা অগপৰ তিনি মন্ত্ৰীয়ে পুনৰ ক্ষমতাৰ লোভত বিজেপিৰ সৈতে মিত্ৰতা গঢ়িলে। অগপ আত্মসমৰ্পণকাৰী আঞ্চলিকতাবাদী ৰাজনৈতিক দল বুলিও উল্লেখ কৰে অদীপ ফুকনে। ইমানেই নহয়, অগপক পৰজীৱী আঞ্চলিকতাবাদী বুলিও উল্লেখ কৰি অদীপ ফুকনে কয় যে অগপ অসমৰ বাবে ক্ষতিকাৰক।

ইয়াৰ উপৰি তেওঁ কয় যে আঞ্চলিক ৰাজনীতিক ধবংসমুখী প্ৰতাৰণাৰ পিনে গতি কৰাব বিচৰা শক্তিসমূহক প্ৰত্যাহবান জনাব লাগিব। জাতীয়তাবাদী ধাৰাটোত গৰাখহনীয়া কৰিব বিচৰাসকলক বাধা দিব লাগিব বুলি উল্লেখ কৰি আৰু কয় যে অসমৰ জাতি, জনজাতি, জনগোষ্ঠী আৰু উপজাতিসকলৰ সকলো স্তৰৰ উন্নয়নক গুৰুত্ব দি আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰিব লাগিব। নতুন প্ৰজন্মৰ বাবে এখন সুৰক্ষিত আৰু সুস্থ সমাজ গঢ়াৰ বাবে প্ৰগতিশীল জাতীয়তাবাদী ধাৰাটোক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়- অসমৰ ভূমিৰ ওপৰত ভিত্তি কৰি শিপাৰ লগত সম্পৰ্ক ৰাখি আঞ্চলিক ৰাজনীতিক গতি দিব লাগিব। আনহাতে তেওঁ কয়- বিজেপি চৰকাৰে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ভেটিত আঘাত হানিছে। সমগ্ৰ বিশ্বই স্বীকাৰ কৰা অসম আন্দোলনক চূড়ান্তভাৱে অপমান কৰিছে বুলি উল্লেখ কৰি কয় যে ৮৫৫জন শ্বহীদ আৰু লাখ লাখ লোকৰ ত্যাগক মূল্যহীন কৰিবলৈ ওলাইছে বুলি উল্লেখ কৰে অদীপ ফুকনে। আনহাতে আজিৰ সংবাদমেলত আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থক কৃষ্ণা শৰ্মাই ভাষণ প্ৰসংগত কয় যে অসমত নতুন ৰূপত জন্ম দিয়া হ’ব আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ। যি দল অসমৰ ভূমিৰ ওপৰত ভিত্তি কৰি শিপাৰ লগত সম্পৰ্ক ৰাখি জন্ম দিয়া হ’ব। কিয়নো আঞ্চলিকতাবাদ সদায় গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ, সেইবাবে জন্ম দিবলৈ বিচৰা নতুন আঞ্চলিক দলটোক ৰাইজে আঁকোৱালি ল’বলৈও আহবান জনায় কৃষ্ণা শৰ্মাই। উল্লেখ্য যে অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়াৰ পিছতে তাৰ বিৰুদ্ধে জাঙুৰ খাই একাংশ আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থক গুৱাহাটীৰ এখন সভাত মিলিত হয়। এই সভাতে তেওঁলোকে অসমত পুনৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল জন্ম দিয়াৰ সিদ্ধান্ত লয়। এই বৈঠকত উপস্থিত আছিল উপৰিউক্ত ব্যক্তিকেইগৰাকীৰ উপৰি লীলা শইকীয়া, সঞ্জীৱ তালুকদাৰ, অনুপ ফুকন, জোনমণি দেৱী, সুভাষ বণিক, ইফতিকাৰ হুছেইন, ডাঃ ধীৰেশ্বৰ তালুকদাৰসহ আন বহুজন।

আঞ্চলিকতাবাদী ৰাজনৈতিক দল জন্ম দিয়াৰ বাবে ১৩জনীয়া সদস্যৰ এটা দলো গঠন কৰে। এই ১৩জনীয়া সদস্যৰ দলটোৱে কি ধৰণে অনাগত সময়ত জন্ম দিবলৈ ওলোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলটো আগুৱাই নিয়া হ’ব সেই বিষয়ে চিন্তা-চৰ্চা কৰিব। আজিৰ সংবাদমেলত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি আঞ্চলিকতাবাদী ৰাইজ যাতে অগপৰ শেহতীয়া স্বাৰ্থলোভী মনোভাবক লৈ হতাশ নহয় তাৰ বাবে এই দল গঠন কৰা হ’ব। যি দলে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও উল্লেখ কৰে। আনহাতে আজি এই কথাও উল্লেখ কৰে যে আপোচবিহীন প্ৰগতিশীল আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হ’ব। এই লোকসভা নিৰ্বাচনৰ পিছতে এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হ’ব। অসমত নতুনকৈ জন্মলাভ কৰিব বিচৰা আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ বাবে শদিয়াৰ পৰা ধুবুৰীৰ ৰাইজৰ দিহা-পৰামৰ্শ লোৱাৰ বাবেই জাতীয় অভিৱৰ্তনখন অনুষ্ঠিত কৰা হ’ব। তাতে সিদ্ধান্ত লোৱা হ’ব কিদৰে পৰৱৰ্তী সময়ছোৱাত জন্ম লাভ কৰিবলৈ ওলোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোক আগুৱাই নিয়া হ’ব।