শেহতীয়া খবৰ
Home / আঞ্চলিক / সাপেখাতীত মঘাই ওজা দিৱস পালন 

সাপেখাতীত মঘাই ওজা দিৱস পালন 

ডিজিটেল সংবাদ, সাপেখাতীঃ বৃহত্তৰ নাট্য সমাজৰ সাপেখাতী, সূত্ৰধাৰ সাংস্কৃতিক মঞ্চ চৰাইদেউৰ উদ্যোগত আৰু সাপেখাতীবাসীৰ সহযোগত ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা স্মৃতি দিৱস উদযাপন কৰা হয়। সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্গীয় জীৱকান্ত ফুকন সোঁৱৰণী এনাজৰী মঞ্চৰ প্ৰেক্ষাগৃহত আয়োজন কৰা স্মৃতি দিৱসৰ মঘাই ওজা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱাই । সূত্ৰধাৰ  সাংস্কৃতিক মঞ্চৰ সভাপতি অৰুণ গগৈয়ে আঁত ধৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে  সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধানে।

এই দিৱসৰ লগত সংগতি ৰাখি  ওজা অজিত গগৈ আৰু শিশু শিল্পী ময়ুৰী হাজৰিকাৰ ঢোল বাদন প্ৰদৰ্শন কৰে । মঘাই ওজা স্মৃতি দিৱসৰ উপলক্ষে এনাজৰী মঞ্চত বিশিষ্ট কবি, নাট্যকাৰ পৰিচালক ৰফিকুল হুছেইনৰ সামগ্ৰীক পৰিকল্পনাৰে অসম গৌৰৱ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনাৰ আকাশবাণীত ধাৰাবাহিক ভাৱে প্ৰচাৰিত শান্ত-শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট নাট্যৰূপ মনস্থ হয়। নাটকখনৰ মূল চৰিত শিশু শিল্পী (বাপু)সীমান্ত কৌশিক গগৈ, (ভুলো) ধ্ৰুৱ জ্যোতি গগৈ (ৰুণী) প্লাবিতা বুঢ়াগোহাঁই আৰু মুনোৰ মন চুই যোৱা  অভিনয়ে  সকলো নাট্যপ্রেমিৰে মন আপ্লুত কৰিলে ।