শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটৰ নুমলীগড়ত উৎখাত তেলচুৰি চক্ৰ

গোলাঘাটৰ নুমলীগড়ত উৎখাত তেলচুৰি চক্ৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ কালি নিশা গোলাঘাট নুমলীগড় দৈগ্ৰোঙ পাতকতিয়াত জ্যোতি গগৈ ঘৰত আৰক্ষীয়ে অভিযান চলাই  উৎখাট কৰে এটা অবৈধ চোৰাং তেলৰ ঘাটি । নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্রীয় ঘাইপথৰ দৈগ্ৰোঙ পাটকতিয়া অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত বৃহৎ পৰিমাণৰ চোৰাং তেলৰ লগতে ইলেকট্ৰনিক মটৰ, পাইপ জব্দ কৰে  । লগতে ট্ৰেংকাৰ সহ চালকক আটক কৰে যদিও আন্ধাৰৰ সুযোগ লৈ জ্যোতি গগৈ পলায়ন কৰে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজৰ অভিযোগ নুমলীগড় শোধনাগাৰ ক কেন্দ্ৰ কৰি একাংশ লোকে দীৰ্ঘদিন ৰ পৰাই গোলাঘাট আৰক্ষী আৰু নুমলীগড় আৰক্ষীৰ পৃষ্ঠপোষকতাত এনেদৰে চলাই আহিছে অবৈধ চোৰাং তেলৰ ৰমৰমীয়া বেহা। ইফালে নুমলীগড়ৰ তেলগৰম,  বাইপাচ আদি অঞ্চলত এতিয়াও চলি আছে চোৰাং তেলৰ বেহা। নুমলীগড় শোধনাগাৰ লৈ অহা একাংশ টেংকাৰে  দৈনিক হাজাৰ হাজাৰ তেল আৰু ক্ৰুদ অইল বিক্ৰী কৰি আহিছে। ইফালে কিছু কিছু  লোকে আৰক্ষীক মেনেজ কৰি টেংকাৰ টেংকাৰ তেল চুৰি কৰি আহিছে বুলি অভিযোগ কৰিছে স্থানীয় লোক সকলে। এতিয়া কথাটো হ’ল গোলাঘাট আৰু নুমলীগড় আৰক্ষীয়ে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।