শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / বিশ্ব বেংকৰ চাঞ্চল্যকৰ তথ্যঃ মোডী চৰকাৰৰ আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ পৰিমাণ ৮২ লাখ কোটি

বিশ্ব বেংকৰ চাঞ্চল্যকৰ তথ্যঃ মোডী চৰকাৰৰ আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ পৰিমাণ ৮২ লাখ কোটি

ডিজিটেল সংবাদঃ বিশ্ব বেঙ্কে শেহতীয়াভাৱে ভাৰতৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত কৰিছে চাঞ্চল্যকৰ মন্তব্য৷ বেংকটোৰ মতে বিভিন্ন আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভাৰতে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৮২ লাখ কোটি টকা৷ ইয়াৰে ৫৫ লাখ কোটি টকা আছিল আগৰ চৰকাৰে দিবলৈ বাকী থকা ঋণ আৰু বাকী ২৭ লাখ কোটি টকা নৰেন্দ্ৰ মোডী চৰকাৰে বিগত চাৰে চাৰি বছৰত লোৱা ঋণ৷ কিন্তু বিগত তিনি বছৰে মোডী চৰকাৰৰ তৰফৰ পৰা বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ চলোৱা হৈছিল যে পেট্ৰ’লজাত সামগ্ৰীৰ কৰৰ পৰিমাণ বৃদ্ধি কৰি মোডী চৰকাৰে আগৰ চৰকাৰে লৈ থোৱা বৈদেশিক ঋণ পৰিশোধ কৰি আছে৷ প্ৰশ্ন হয়, বিশ্ব বেংকে এই তথ্য ফাদিল কৰাৰ পিছত এতিয়া চৰকাৰখনে ক’ব কি?