শেহতীয়া খবৰ
Home / আঞ্চলিক / বতা চৰাইৰ ফাৰ্মেৰে স্বাৱলম্বী কাজিৰঙাৰ দুই যুৱক

বতা চৰাইৰ ফাৰ্মেৰে স্বাৱলম্বী কাজিৰঙাৰ দুই যুৱক

ডিজিটেল সংবাদ,কাজিৰঙাঃ জাপানীজ কুইল চৰাই হৈছে চৰাইৰ এটা ক্ষুদ্ৰ প্ৰজাতি৷ অসমৰ ধাননি পথাৰত সচৰাচৰ দেখিবলৈ পোৱা বতা চৰাইতকৈ এইবিধ চৰাইৰ আকাৰ সামান্য ডাঙৰ ৷ কম চৰ্বীযুক্ত আৰু অধিক প্ৰটিন সমৃদ্ধ ইয়াৰ কণী আৰু মাংসৰ গুণাগুণ প্ৰচাৰিত হোৱাৰ পাছত জাপানত প্ৰথমে আৰম্ভ কৰা কুইল পালন বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই আদৰি লৈছে ৷ অসমৰ পশু পক্ষী পালনৰ ক্ষেত্ৰখনত কুইল পালন এক অনন্য সংযোজন ৷ বৰ্তমান ভাৰতকে ধৰি চুবুৰীয়া দেশসমুহত ব্যৱসায়ভিত্তিক কুইল পালনৰ সম্ভাৱনা খুব উজ্জ্বল ৷ এই ক্ষেত্ৰত চুবুৰীয়া দেশ বাংলাদেশে মূখ্য ভুমিকা লৈ আহিছে৷ কাজিৰঙাতো গঢ় লৈ উঠিছে বতা চৰাইৰ ব্যৱসায় ৷ কাজিৰঙাৰ গেলেকীত এখন বতা চৰাইৰ ফাৰ্ম আৰম্ভ কৰি স্বাৱলম্বী হৈছে কাজিৰঙাৰে দুজন যুৱক৷ সমান্তৰালকৈ  সমগ্ৰ অসমত আদৰ লাভ কৰিছে জাপানীজ কুইলৰ ফাৰ্মিঙৰ ব্যৱসায়ে ৷ জাপানীজ কুইল বা অসমীয়াত বতা চৰাই বুলি জনাজাত এই চৰাইৰ  মাংস তথা কণীৰ চাহিদা  বৃদ্ধি পোৱা দেখা গৈছে ৷ মাংস তথা কণী গ্ৰহণ শৰীৰৰ বাবে লাভদায়ক বুলি বিবেচিত তথা প্ৰচাৰিত হোৱাৰ সমান্তৰালকৈ পিছে বিপদ নামি আহিছে আমাৰ পথাৰে-পিতনিয়ে পোৱা বন্য বতা চৰাই বা আমাৰ চিনাকি ভুৰুং চৰাই ৷
চাহিদা বাঢ়িছে ফাৰ্মিং বতা চৰাই বা জাপানীজ কুইলৰ ৷ পিছে বিপদত পৰিছে আমাৰ বনৰীয়া বতা চৰাই বা ভুৰুং চৰাই ৷ জাপানীজ কুইলৰ গুণাগুণ জানিব পাৰি কাজিৰঙাৰ একাংশ এলেকাত বতা চৰাই আৰু কণী বিচাৰি পথাৰে-পিতনিয়ে একাংশই পিটপিটাই ফুৰাৰ খৱৰ আহিছে ৷ কাজেই এই বন্য বতা চৰাইৰ প্ৰজাতিৰ প্ৰতি নামি আহিছে এক ভাবুকি ৷ ফাৰ্মৰ পৰা ধন দি মাংস, কণী ক্ৰয় কৰাৰ সলনি একাংশই সহজতে পাবলৈ পথাৰত বতা চৰাই বিচাৰি ফুৰাটো হৈ পৰিছে চৰম বিপদজনক ৷সচেতন লোকৰ আহ্বান বন্য চৰাইক আহাৰ হিচাপে গ্ৰহণ কৰাতকৈ ফাৰ্মৰ পৰা সংগ্ৰহ কৰক জাপানীজ কুইল ৷ ইফালে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী দুই সংগঠন এন আৰ এছ বি আৰু দি কৰবেট ফাউণ্ডেচনে এই ক্ষেত্ৰত সজাগ হবৰ বাবে আহ্বান জনাইছে ৷অন্যথা আমাৰ অসমৰ চহা জীৱনৰ স’তে সংপৃক্ত বতা চৰাই কেৱল আমাৰ সাধু কথাত অৰ্থাৎ “হুৰ হুৰ বতা চৰাই,মোৰ ধান নাখাবি ,তোক দিম গোটা কৰাই” তে বিৰাজমান হৈ ৰ’ব ৷