শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত বালি মাফিয়াৰ দৌৰাত্ম্য

যোৰহাটত বালি মাফিয়াৰ দৌৰাত্ম্য

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট বন বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে সম্প্ৰতি জিলাখনত বালি মাফিয়াৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাইছে। ভোগদৈ নৈত অবৈধ খননে আগন্তুক বাৰিষাত তীব্ৰ সংকট কঢ়িয়াইছে দাঁতিকাষৰীয়া অঞ্চল সমূহলৈ। উল্লেখযোগ্য যে ভোগদৈ নৈত একাংশ অসাধু কলা ব্যৱসায়ীয়ে অবৈধ ভাৱে জেচিবিৰ দ্বাৰা খনন চলাই নৈ খনৰ পাৰ সমূহ অধিক দ কৰি পেলোৱাৰ ফলত সংকট নামিছে মাথাউৰি সমূহলৈ। আজি উত্তৰ পশ্চিম যোৰহাটৰ মালৌআলি দলংৰ সমীপত এখন ট্ৰাকৰ সন্মূখ ভাগ নৈৰ মাজত সোমাই পৰা ঘটনাই অবৈধ খননৰ ছবি ডাঙি ধৰিছে। তাৎপৰ্য্য পূৰ্ণ ভাৱে বালিৰ ট্ৰাক সমূহে উত্তৰ পশ্চিম যোৰহাটত নাগৰিকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ট্ৰাকত কঢ়িয়াই অনা তিতা বালিয়ে মালৌআলি পথত বোকাৰ সৃষ্টি কৰা ফলত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। ইয়াৰোপৰি ট্ৰাক চালকৰ অতপালি ইমানেই বৃদ্ধি পাইছে যে পথচোৱাত আন গাড়ীটো দূৰৰ কথা চাইকেল আৰোহী অহা যোৱা কৰোতে মৰনক সৰণ দিব লগা অৱস্থা সৃষ্টি হৈছে। এই অৱস্থাৰ বিষয়ে জিলা বন প্ৰাধিকাৰী বিষয়া, আঞ্চলিক বন বিষয়াক কেইবাবাৰো অভিযোগ দাখিল কৰা পিছতো একমাত্ৰ কমিচনৰ লোভত কোনো ব্যৱস্থা গ্ৰহন নকৰে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।