শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াৰ খৰিচালাত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান

কলগাছিয়াৰ খৰিচালাত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, কলগাছিয়াঃ পবিত্ৰ মক্কাত হজব্ৰত পালনৰ বাবে ৰাজ্যৰ  বিভিন্ন জিলাৰ কেবাসহস্ৰাধিক হজযাত্ৰী সাজু হৈছে। প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন জমা দিয়া বুলি জানিব পৰা গৈছে। চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে হজযাত্ৰী সকলক প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ আজি দিনৰ ১১ বজাৰ পৰা হালধীয়া আন্চলিক ছালেকিন সমাজ উন্নয়ন সমিতিৰ উদ্যোগত আৰু কামাৰ পাৰা হাই মাদ্ৰাছাৰ ছাত্ৰ একতা সভাৰ সহযোগত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । কামাৰ পাৰা হাই মাদ্ৰাছাৰ অধীক্ষক ফজলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত  প্ৰশিক্ষণ শিবিৰত মূখ্য আলোচক হিচাপে উপস্থিত থাকি আলহাজ হজৰত শ্বেইখ নুৰ হুছেইনে হজ্বৰ  নিয়ম নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষণ ৰাখে। বিশিষ্ট আলোচক হিচাপে মুম্বাইৰ আল – আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ অধ্যক্ষ তথা কলগাছিয়াৰ বিশিষ্ট সাংবাদিক আলহাজ আব্দুল হাইয়ে মক্কা – মদিনাত অৱস্থান কৰা হোটেল, চিকিৎসা আৰু কুৰবানী সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে । ভাষণ প্ৰসংগত ওমৰা হজ্ব সম্পৰ্কেও বক্তব্য ৰাখি তেও আৰু কয় যে এতিয়াৰে পৰা আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ জৰিয়তে কম খৰচত এক মাহৰ ভিতৰত ধন জমা কৰি ওমৰা হজ্ব কৰিব পাৰিব। আলোচক হিচাপে আলহাজ আমজাদ হুছেইনে হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ এহৰাম, ওমৰা হজ্ব আৰু হজ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই হজযাত্ৰী সকলক দিহা পৰামৰ্শ দিয়ে। সভাত বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক উপস্থিত থাকি হজ প্ৰসংগত ভাষণ ৰাখি অসম তথা ভাৰতবাসীৰ ভাৱে দোৱা কৰিবলৈ হজযাত্ৰী সকল লৈ আহ্বান কৰে। উক্ত হজ প্ৰশিক্ষণ শিবিৰত বৰপেটা জিলাৰ বিভিন্ন অন্চলৰ পৰা অৰ্ধশতাধিক হজযাত্ৰী উপস্থিত থাকে । ইফালে মক্কাৰ সাংবাদিক তথা অসম ৰাজ্যিক ওমৰা হজ্ব কমিটিৰ মূখ্য সচিব মনিৰ উদ্দিনেও এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দি কয় যে পূৰ্বে ওমৰা হজ্ব কৰাৰ বাবে এবছৰ নাইবা ৬ মাহ আগতে এজেন্সীৰ হাতত টকা জমা দিব লাগিছিল। এতিয়াৰ পৰা ওমৰা হজ্ব কৰাৰ এমাহ আগতে টকা জমা দি নিদিষ্ট সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলে ওমৰা হজ্ব কৰাৰ সুযোগ লাভ কৰিব পাৰিব  । এইক্ষেত্ৰত হজযাত্ৰী সকলক আদৰাৰ বাবে মক্কাবাসী সাজু বুলিও মন্তব্য কৰে। উক্ত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰত কামাৰ পাৰা হাই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ছামচুল হকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰত কামাৰ পাৰা হাই মাদ্ৰাছাৰ কেবাশতাধিক ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে।