শেহতীয়া খবৰ
Home / আঞ্চলিক / পৰিত্যক্ত চিকিৎসালয়,হতাশাত জয়পুৰৰ জনসাধাৰণ

পৰিত্যক্ত চিকিৎসালয়,হতাশাত জয়পুৰৰ জনসাধাৰণ

গণবাৰ্তা, নাহৰকটীয়াঃ সমস্যাজৰ্জৰ অসমখনৰ বিভিন্ন দিশ তথা জনসাধাৰণৰ অভাৱ অভিযোগ বোৰৰ অন্যতম এটা বিষয় হিচাপে বৰ্ত্তমান প্ৰায়ে সকলোৰে চকুত পৰা এটা বিষয় হৈছে চিকিৎসাকেন্দ্ৰ আৰু চিকিৎসা সেৱা৷ বিভাগটিৰ বিষয়া আমোলা তথা মন্ত্ৰীয়ে যিমানেই ঢাক-ঢোল নবজাওক কিয় তথাপি সময়ে সময়ে হোৱা চূঢ়ান্ত গাফিলতি নাইবা অকৰ্মণ্যতাই কোঙা কৰি পেলাইছে এই নিৰ্দিষ্ট বিভাগটি৷ ২০০৬ চনতে আধাৰশিলা স্থাপনেৰে নিৰ্মাণ আৰম্ভ হোৱা নাহৰকটীয়া মহকুমাৰ জয়পুৰ আৰক্ষী চকীৰ অন্তৰ্গত টিপাম ফাকিয়াল গাঁৱত অৱস্থিত ৩৬ খন বচনাযুক্ত স্বাস্থ্যকেন্দ্ৰটি উদ্বোধন নোহোৱাকৈয়ে নিৰ্মীয়মান অৱস্থাত ৰৈ আছে বছৰ বছৰ ধৰি৷ এক বৃহৎ অঞ্চল আগুৰি থকা এই চিকিৎসালয় খনৰ ওপৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে আৱাসগৃহ সমূহো৷ বৰ্ত্তমান মকৰা জাল, গছ লতাৰে আগুৰি ধৰা এই কেন্দ্ৰটি পশুৰ জিৰনীৰ ঠাইলৈ পৰিবৰ্ত্তিত হৈছে৷ স্থানীয় লোক সকলে জানিবলৈ দিয়ামতে চৰকাৰৰ এক বৃহৎ অংকৰ ধনেৰে পি.ডব্লিউ.ডি ৰ এক ফাৰ্মৰ দ্বাৰা আৰম্ভ কৰা হৈছিল ইয়াৰ নিৰ্মাণকাৰ্য্য৷
প্ৰথমে খৰতকীয়াকৈ আৰম্ভ হোৱা এই কাম লাহে লাহে লেহেমীয়া হৈ দুজন ঠিকাদাৰ বদলিৰেও সম্পূৰ্ণ ন’হল৷ চৰকাৰে টকা মুকলি কৰি নিদিয়াৰ অভিযোগত বন্ধ কৰি দিয়া হ’ল কেন্দ্ৰটিৰ নিৰ্মাণকাৰ্য্য৷ কেইবাবছৰ ধৰি ৰাইজে বিভিন্ন প্ৰতিবাদ কৰিও গা লৰাব পৰা নাই প্ৰশাসন তথা বিভিন্ন সময়ৰ বিভিন্ন চৰকাৰৰ৷ স্থানীয় বিধায়ক নৰেণ সোণোৱালক এই বিষয়ে অৱগত কৰাত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কত ব্যস্ত বুলি দোহাই দি দায় সামৰা মন্তব্য দিয়াত ক্ষুব্ধ হৈ পৰিছে অঞ্চলতটোৰ সকলো ৰাইজ ৷ নিৰ্মাণ কাৰ্য্য চলি থকাৰ সময়ত সেই সময়ৰ বিধায়ক কুসুম্বৰ টাই ৰাই গগৈয়ে ১৯৮৭ চনত উপস্বাস্থ্যকেন্দ্ৰটি টিপাম ফাকিয়াল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে আধাৰশিলা স্থাপন কৰি নিজৰ কাৰ্য্যকাল সামৰিলে ৷ ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা প্ৰণতি ফুকনকো অৱগত কৰা হ’ল যদিও তেওঁৱো লেখত ল’বলগীয়া পদক্ষেপ গ্ৰহণ কৰা দেখা ন’গল ৷ স্থানীয় লোকসকলে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ সৈতে একলগ হৈ এই স্বাস্থ্যকেন্দ্ৰটি উজ্জীৱিত কৰাৰ দাবী তুলি আহিছে যদিও চৰকাৰী কৰ্তৃপক্ষৰ কোনো প্ৰত্যুত্তৰ নাইপোৱা ৷
এই বৃহৎ অঞ্চলটিৰ ৰাইজৰ দাবী, যদিহে চৰকাৰে অতি সোনকালে বিহিত ব্যৱস্থা নলয় আৰু কেন্দ্ৰটি উজ্জীৱিত নকৰে তেন্তে ক ক্ষীপ্ৰতৰ আন্দোলন গঢ়ি তুলিব ৷ অঞ্চলটোৰ গৰিষ্ঠসংখ্যক পৰিয়ালেই কৃষিজীৱি হোৱাৰ হেতুকে আৰ্থিকভাৱে পিছপৰা এই লোকসকলে ৰোগ নিৰাময়ৰ বাবে চহৰৰ নাৰ্ছিংহোমত গৈ সমূদায় ধন শেষ কৰি থকাতকৈ যদি এই চৰকাৰী স্বাস্থ্যকেন্দ্ৰটিত চিকিৎসা সেৱা লাভ কৰে তেন্তে তেওঁলোক অধিক উপকৃত হ’ব বুলি জনাইছে স্থানীয় কেইজনমান উদ্যমী যুৱকে ৷ চৰকাৰী লোকসকলে কেৱলমাত্ৰ নিৰ্বাচনৰ সময়ত ভোটভিক্ষাৰ বাবেহে সেই অঞ্চলত ভৰি দিয়ে,সেইদৰে স্থানীয় সাংসদ ৰামেশ্বৰ তেলীয়েও কেৱল নিৰ্বাচনৰ সময়ত অঞ্চলটিৰ ৰাইজৰ কাষলৈ যায় আৰু উদ্দেশ্য সিদ্ধিৰ পাছত কোনো কথাৰে গা লৰাব নোৱাৰে বুলি ক্ষোভ উজাৰে অঞ্চলটোৰ বিভিন্ন লোকে ৷ জয়পুৰৰ টিপাম ফাকিয়াল অঞ্চলত অৱস্থিত এই চিকিৎসালয় খনে কেতিয়া উদ্বোধনৰ মুখ দেখে এটিয়া সেইয়াহে লক্ষণীয় বিষয় হৈ পৰিছে ৷