শেহতীয়া খবৰ
Home / ক্ৰীড়া / জিদানৰ প্ৰত্যাৱৰ্তনৰ পাছত ৰিয়েল মাদ্ৰিদৰ প্ৰথম জয়

জিদানৰ প্ৰত্যাৱৰ্তনৰ পাছত ৰিয়েল মাদ্ৰিদৰ প্ৰথম জয়

মাদ্ৰিদ, ১৭ মাৰ্চ ঃ জনপ্ৰিয় ফুটবলাৰ জিনেদাইন জিদান স্পেইনৰ ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদলৈ প্ৰশিক্ষক হিচাপে প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৰিয়েল মাদ্ৰিদে শনিবাৰে চেলটা ভিগোক ২-০ত পৰাস্ত কৰে। এই জয়ৰ লগে লগে দলটোৱে ঘৰুৱা খেলপথাৰত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ বিষণ্ণতা দূৰ হ’ল। ৰিয়েল মাদ্ৰিদৰ হৈ ইস্কো আৰু জেৰেছ বেলে গ’ল দিয়ে। আন এখন মেচত এথলেটিকো মাদ্ৰিদক এথলেটিক বিলবাৱে ২-০ত পৰাস্ত কৰে, য’ত দলৰ তালিকাৰ শীৰ্ষত থকা বাৰ্চিলোনাক মাত্ৰ সাত পইণ্টৰ ব্যৱধানত অৱনমিত কৰিব নোৱাৰিলে। ৰিয়েল মাদ্ৰিদ সম্প্ৰতি ৫৪ পইেণ্টৰে তালিকাৰ তৃতীয় স্থানত আছে।