শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / বৰ্তমান পৰিৱেশ আৰু আমাৰ ভৱিষ্যৎ

বৰ্তমান পৰিৱেশ আৰু আমাৰ ভৱিষ্যৎ

✍️  ভুৱনেশ্বৰ লহকৰ   

পুৱতি নিশা ফেঁচাৰ কুৰুলিয়ে আমাৰ টোপনি ভাঙে বিছনা এৰি নিজৰ নিজৰ দায়িত্ববোধ সোঁৱৰাই দিয়ে। বৰ্তমান এইবিধ নিয়মানুৱৰ্তিতা শিকোৱা চৰাইয়ে সন্ধিয়া, মাজৰাতি, দোভাগৰাতি কুৰু¿¸ল দিয়ে। কুলি চৰাইৰ মাত শুনাৰ লগে লগে বসন্তৰ আগমন ঘটে। বিশেষকৈ কৃষক ৰাইজে সোণ গুটি সিঁচাৰ বাবে লাগি যায়। অথচ আমৰ মৰমৰ আদৰৰ কুলিৰ মাত শেতা পৰি গৈছে আৰু বছৰৰ বাৰ মাহে মাতে। সৰু-সুৰা উদ্যোগ থকা ঠাইবোৰৰ কলপাতেৰে ভগবন্তক শৰাই দিব নোৱাৰি কাৰণ দুয়োপিঠি ৰং সলনি কৰিছে। এবিধ বগা পোকে। এই বিধ পোকে নাৰিকল গছৰ পাতবোৰত ক’লা ৰঙৰ পয়োভৰ ঘটাইছে। কামৰূপ জিলাৰ শ শ গাঁও মহানগৰৰ পাৰ্শ্বৱতী এলেকাবোৰত বাৰী এৰি চৌহদ এৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে। সংশ্লিষ্ট বিভাগ, প্ৰশাসনৰ ফালৰ পৰা বিশেষ মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাই। কোনো পক্ষই ভবা নাই যে, এনে এবিধ পতঙ্গই আমাৰ সকলোকে জীয়াই থাকিবলৈ নিদিয়ে। দেখা গৈছে যে অকল এইবিধ পতংঙ্গই নহয় আৰু¸ বহুত চিনিব নোৱাৰা কীট-পতঙ্গৰ উদ্ভৱ হৈছে। আগৰবোৰৰো দেহৰ ৰূপ সলনি হ’বলৈ ধৰিছে।
এতিয়া আহো উষ্ণতা যে বাঢ়ি আছে সেই বিষয়ে। বহুতে কয় সূৰ্যটো পৃথিৱীৰ ওচৰলৈ আহি আছে বাবে উষ্ণতা বাঢ়িছে। তেনেকুৱা নহয় বুলি ইতিমধ্যে বিজ্ঞানীসকলে কৈছে। উষ্ণতাক লৈ ক্লাৰা (দ্যা ক্লাইমেট শ্যবঞ্চচ এমবিচন এণ্ড ৰাইটচ এলায়েন্স)ৰ প্ৰতিবেদনত  কৈছে  গছ-গছনি, বন-জংঘল কাটি গৃহ নিৰ্মাণ, কল-কাৰখানা নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ দহ শতাংশ নিয়ম মাফিক যদিও বাকীখিনি আইনক ভেঙুচালি কৰি সমাপন কৰি আছে। ফলত বৰষুণ হ্ৰাস, উত্তাপ আদিৰ গোলমাল হৈছে। শেহতীয়াভাৱে মেঘালয় ৰাজ্যৰ ভূগৰ্ভ, উপৰি ভাগৰ ধবংসযজ্ঞ আৰম্ভ কৰিছে বহুজাতিক কোম্পানীবোৰে। দিনে-নিশাই শিল ভঙাৰ বিকট শব্দ। মেঘালয়ৰ এই ৰূপে দাঁতিকাষৰীয়া অসমত প্ৰদূষণ কৰিছে আৰু নানা ধৰণৰ বিকাৰক উপসৰ্গই ছানি ধৰিছে। তাত বাস কৰাসকল যিসকলে হাজাৰ হাজাৰ বছৰ প্ৰকৃতিৰে সহবাস কৰি পৰিৱেশ ফৰকাল কৰি ৰাখিছিল, তেওঁলোক সকলো পিনেদি নিঃচিহ্ন হ’বলৈ ধৰিছে। এনে ভয়াৱহ পৰিনাম ৰোধ কৰিব পাৰিব কৃষিৰ সৈতে জড়িত কৃষক-বনুৱা অৰ্থাৎ  দেশৰ সত্তৰ শতাংশ গঞা ৰাইজে। যিহেতু তেওঁলোকে জীৱন ধাৰণ কৰা সকলোবোৰ সমল হেৰাই যাবলৈ ধৰিছে।
প্লাষ্টিক  সামগ্ৰীৰ পৰা উদ্ভৱ হ’ব পৰা বিপদ- বিঘিনিবোৰ আমাৰ মাজৰ বহুত বিজ্ঞানৰ ছাত্ৰই নুবুজে বা বুজিবলৈ ইচ্ছা নকৰে। নহ’লে প্লাষ্টিক পোৰা, নৈ নলাত পেলোৱা বা ভূমিত সিঁচৰতি হৈ নাথাকিলহেঁতেন। বিদ্যালয়-মহাবিদ্যালয় বাসস্থান, গঞা-চহৰীয়া লোকৰ চৌহদবোৰ চাব নোৱাৰি। ৰঙিয়া পৌৰসভাৰ চৌহদতে জাবৰৰ দ’ম। ওচৰতে আছে বিদ্যালয় কণ কণ শিশুসকল। গাড়ী-মটৰ ধৰ্মীয় কাণ্ডকৰ্ম, সমাজ-সাংস্কৃতিক অনুষ্ঠান, বণিয়াৰ বিজ্ঞাপনৰ শব্দৰ জাল সহিব নোৱাৰা হৈছে। এনেবোৰত জড়িত লোকসকলৰ বোধোদয় নহ’লে কোনো কালে ভাল দিন অহাৰ আশা নাই।
পৰিৱেশৰ কথা লিখি অন্ত কৰিব নোৱাৰি। অথচ পৰিৱেশ সুস্বাস্থ্য কৰা লোক আঙুলিৰ মূৰত গণিব পাৰি। সেয়ে মাৰ-কিল খাই হ’লেও নিজৰ গুৰু  দায়িত্ব পালন কৰিব লাগিব। নহ’লে ৰাজনীতিক মেৰপাক, সু-সম্বন্ধ উভালি পেলোৱাৰ জাল পেলোৱাসকলৰ বাট বন্ধ কৰা বৰ কঠিন সমস্যা হৈ পৰিছে। ছাত্ৰ-মহিলা সমাজক লগত লৈ জীৱন ৰক্ষাৰ এই যাত্ৰাত খোজ দিব লাগিব।
( ফোন –   📱 ৮৮৭৬৫৬২৭৯৬ )