শেহতীয়া খবৰ
Home / আঞ্চলিক / লামডিং-পাথৰখোলা ৰেল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ

লামডিং-পাথৰখোলা ৰেল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মাহমুদ আলী, নীলবাগানঃ আজি লামডিং আৰু পাথৰখোলা ৰেলৱে ষ্টেচনৰ মাজত ৰেল আৰক্ষীয়ে এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই যদিও  ব্যক্তিজনৰ পকেটৰ পৰা আৰক্ষীয়ে সৰুপথাৰ পৰা লামডিঙলৈ বুলি যাত্ৰা কৰা ১৭ মাৰ্চৰ এখন ৰেল টিকট উদ্ধাৰ কৰিছে। চলন্ত ৰেলৰ পৰা পৰি ব্যক্তিজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। কিন্তু ৰহস্যজনক ভাৱে দুদিন পূৰ্বেও লামডিঙৰ এজন যুৱকে ৰেলৰ খুন্দাত মৃত্যুক আকোৱালি লব লগা হৈছিল। দুয়োজন ব্যক্তিৰ পৰা আৰক্ষীয়ে টকা বা বেগ একো নোপোৱাত ৰহস্যৰ সৃষ্টি হৈছে। বৰ্তমান মৃতদেহটো লামডিং ৰেলৱে আৰক্ষী থানাৰ মৰ্গ ঘৰত ৰখা হৈছে ৷ মৃত ব্যক্তিজনৰ কোনো তথ্য পালে লামডিং ৰেল আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে৷