শেহতীয়া খবৰ
Home / আঞ্চলিক / বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ জিলাতেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ সৰ্বসাধাৰণ ৰাইজৰ

বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ জিলাতেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ সৰ্বসাধাৰণ ৰাইজৰ

ডিজিটেল সংবাদ, লালপুলঃ ‘আছে গৰু নাবায় হাল, তেনে গৰু থকাতকৈ নথকাই ভাল’। হয় এই আপ্ত বাক্যশাৰী সঁচা যেন প্ৰমাণিত হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰত। বিভাগটোৱে বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰাজকোষৰ পৰা কোটি-কোটি টকা ব্যয় কৰি ৰাজ্যৰ চুকে-কোনে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনি সমূহ। কিন্তু সেই পানী যোগান আঁচনি সমূহৰ পৰা সৰ্বসাধাৰণ ৰাইজে আজিকোপতি খাবলৈ সক্ষম নহ’ল এটোপাল বিশুদ্ধ খোৱা পানী। বিপৰীতে বিভাগটোৰ অকৰ্মণ্যতা তথা উদাসীনতাৰ ফলতে বছৰ-বছৰ ধৰি পৰিতক্ত অৱস্থাত পৰি থকা পানী যোগান আঁচনি সমূহ এতিয়া ভুত বাংলা তথা গৰুৰ গোহালিলৈ পৰিণত হৈছে। তেনে কিছুমান দৃশ্য দেখিবলৈ পোৱা গৈছে  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ জিলা ওদালগুৰিত।
উল্লেখ্য যে, জিলাখনৰ ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনপাৰা, পানীখাইতি, সিধাখোৱা, ইকৰাবাৰী, ডিভিচৰা আদি গাঁও সমূহত বিগত চৰকাৰৰ কাৰ্যকালত কোটি-কোটি টকা ব্যয় কৰি পানী যোগান আঁচনি সমূহ নিৰ্মাণ কৰিছিল যদিও তাৰ পৰা সাধাৰণ গঞাঁ ৰাইজৰ সৌভাগ্য হে নহ’ল এটুপি বিশুদ্ধ খোৱা পানী খাবলৈ। ফলত উক্ত গাঁও সমূহৰ ৰাইজে নিজৰ ঘৰতে বাঁহেৰে দমকল, কুৱাৰ আইৰণযুক্ত পানীৰ লগতে পুখুৰী, নলা, বিলৰ লেতেৰা পানী খাই নিজৰ জীৱটোক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ বাধ্য হৈ পৰিছে। পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি মিত্ৰযোট চৰকাৰেও কোনো কাণসাৰ দিয়া নাই আঁচনি সমূহ কাৰ্যক্ষম কৰি তুলিবলৈ। ফলত আঁচনি সমূহ জহি-খহি যোৱাৰ লগতে গৰুৰ গোহালিলৈ পৰিণত হৈছে৷ আনহাতে চাকৰি পোৱাৰ আশাত উক্ত আঁচনি সমূহ নিৰ্মাণৰ বাবে ভূমি দান দিয়া গৰাকী সকলকো প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আঁচনি সমূহ নিৰ্মাণ কৰা মাটিৰ গৰাকীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি তেওঁ কোনো ধৰণৰ সংস্থাপন নিদিয়াত ক্ষোভত ফাটি পৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ নিজ গৃহ জিলাতে পানী যোগান আঁচনি সমূহৰ পয়ালগা ছবি দেখি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰে সংশ্লিষ্ট পানী যোগান আচঁনি সমূহ কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ বিভাগীয় মন্ত্ৰী তথা কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে।