শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াত সাহিত্য বিষয়ক কৰ্মশালা, অসমীয়া সাহিত্য সন্মিলনীৰ কমিটি গঠন

কলগাছিয়াত সাহিত্য বিষয়ক কৰ্মশালা, অসমীয়া সাহিত্য সন্মিলনীৰ কমিটি গঠন

ডিজিটেল সংবাদ, কলগাছিয়াঃ বৰপেটা জিলাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বৌদ্ধিক আন্দোলনৰ পীঠস্থান কলগাছিয়াত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ সাধনৰ উদ্দেশ্যে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাহিত্য বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়। অসমীয়া সাহিত্য সন্মিলনীৰ কলগাছিয়া শাখা আৰু প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ যৌথ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা কলগাছিয়াৰ কে আই কে মেমৰিয়েল হাই মাদ্ৰাছাত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক উত্তৰণ আৰু সাহিত্য বিকাশ সাধনৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা সাহিত্য বিষয়ক কৰ্মশালাত সভাপতিত্বত কৰে কে আই কে মেমৰিয়েল হাই মাদ্ৰাছাৰ অধীক্ষক এম কোব্বাদ আলীয়ে। লগতে কবিতা আবৃত্তি আৰু লিখন কাৰ্যসূচীটো পৰিচালনা কৰে বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক ইছমাইল হোছেইন খানে। কৰ্মশালাটোত উদ্বোধনী ভাষণত কলগাছিয়া শাখাৰ নৱ নির্বাচিত সভাপতি চান মামুদ আহমেদে কবিতা কেনেকৈ লিখিব লাগে এই সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলক বুজাই দি সাহিত্য চৰ্চাৰ প্ৰতি উৎসাহিত কৰে। লগতে কৰ্মশালাটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি স্বেখ ৰহমত উল্লাহ আৰু সম্পাদক শ্ৰী লক্ষ্মী পাঠকে কবিতা, গল্প আৰু প্ৰবন্ধ লিখন সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।
কলগাছিয়া শাখাৰ সম্পাদক জাহিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা কৰ্মশালাত নিৰক্ষৰ কবি হাবিল উদ্দিনে কবিতা আৰু গীত পৰিৱেশন কৰি মনোৰঞ্জন দিয়াৰ লগতে অতিথি হিচাপে উপস্থিত থাকে পল্লী কবি আব্দুল মাজেদ, শিক্ষক আখতাৰা বেগম, আব্দুল মালেক, ৰফিকুল ইছলাম আৰু ছোবাহান আলীৰ উপৰিও প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী। অনুষ্ঠানটোত বিদ্যালয়খনৰ তাছলিমা খাতুন নামৰ এগৰাকী সম্ভাৱনা পূৰ্ণ ছাত্ৰীয়ে কেইবাটাও স্বৰচিত কবিতা উপস্থাপন কৰে। আনহাতে দেওবাৰে বিয়লিত কলগাছিয়াৰ গড়কাপ্তানী পৰিদৰ্শন বাংলাত অনুষ্ঠিত এক সাধাৰণ সভাৰ জড়িয়তে বিশিষ্ট কবি আৰু সাহিত্যিক চানমামুদ আহমেদক সভাপতি, বিশিষ্ট কবি মোঃ মোস্তাফিজুৰ ৰহমানক কাৰ্যকৰী সভাপতি, বিশিষ্ট লেখক তথা সাংবাদিক জাহিদুল ইছলামক সম্পাদক, কবি খাদিজা খাতুনক আলোচনী সম্পাদিকা আৰু সমাজ সেৱক শ্বাফিউল হাছানক ধন ভড়ালী হিচাপে লৈ কলগাছিয়া শাখা সাহিত্য সন্মিলনীৰ কমিটিখন গঠন কৰা হয়। সভাৰ সিদ্ধান্ত মৰ্মে আজি সাহিত্য বিষয়ক কৰ্মশালাখন অনুষ্ঠিত কৰি নতুন প্ৰজন্মক সাহিত্যৰ প্ৰতি আগবঢ়াই অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছে নতুনকৈ গঠিত শাখা কমিটিখনে।